লেবীয়া 18:30 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201930 এই হেতুকে তোমালোকৰ পূৰ্বে প্ৰচলিত হোৱা ঘিণলগীয়া ৰীতি-নীতিবোৰৰ মাজৰ একোকে তোমালোকে যেন নকৰা, আৰু তাৰ দ্বাৰাই নিজকে যেন অশুচি নকৰা, এই কাৰণে মোৰ আজ্ঞা পালন কৰিবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।” অধ্যায়টো চাওক |
সেই সকলো কাৰ্য যেতিয়া সমাপ্ত হ’ল, তেতিয়া কৰ্মচাৰীসকলে মোৰ ওচৰলৈ আহি ক’লে, “ইস্ৰায়েল লোকসকলে, পুৰোহিতসকলে, আৰু লেবীয়াসকলে আন দেশীয় ঘিণলগীয়া কাৰ্য ত্যাগ কৰা নাই; যেনে কনানীয়া,হিত্তীয়া, পৰিজ্জীয়া, যিবুচীয়া, অম্মোনীয়া, মোৱাবীয়া, মিচৰীয়া, আৰু ইমোৰীয়া লোকসকলৰ অতিশয় ঘিণলগা কাৰ্যৰ পৰা নিজকে পৃথকে ৰখা নাই।