Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




লেবীয়া 1:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 কিন্তু তাৰ নাড়ী-ভুৰু আৰু ঠেং পানীৰে ধুব লাগিব; তাৰ পাছত পুৰোহিতে সেই সকলো উৎসৰ্গ কৰিব আৰু বেদীৰ ওপৰত দগ্ধ কৰিব; সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।

অধ্যায়টো চাওক কপি কৰক




লেবীয়া 1:13
15 পৰস্পৰ সংযোগসমূহ  

যিহোৱাই সেই হোম-বলিৰ সুঘ্ৰাণত সন্তোষ পাই নিজৰ মনেতে ক’লে, “সৰু কালৰে পৰা মানুহৰ মন মন্দতাৰ ফালে ঢাল খোৱা; কিন্তু মই মানুহৰ কাৰণে ভূমিক আৰু কেতিয়াও শাও নিদিওঁ; সেয়ে, মই যি দৰে কৰিলোঁ, পুনৰায় সেইদৰে সকলো প্ৰাণীক ধ্বংস নকৰোঁ।


তেওঁ দহোটা প্ৰক্ষালন-পাত্ৰও সাজিলে; তাৰে পাঁচোটা সোঁ ফালে আৰু পাঁচোটা বাওঁফালে ধোৱাপখলা কৰিবৰ বাবে হ’ল; সেইবোৰত তেওঁলোকে উৎসৰ্গ কৰিব লগীয়া হোম-বলিৰ বস্তুবোৰ ধোৱে৷ কিন্তু সমুদ্ৰ-পাত্ৰটো হ’লে, পুৰোহিতসকলে গা ধুবৰ বাবে হ’ল।


প্ৰত্যেক বাট-চৰাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগৰ ওচৰত দুৱাৰ থকা এটা এটা কোঁঠালি আছিল; তাত হোম-বলি ধোৱা হয়।


কিন্তু তেওঁ তাৰ নাড়ী-ভুৰু আৰু ঠেং পানীত ধুব লাগিব। তেতিয়া পুৰোহিতে বেদীৰ ওপৰত সেই সকলোকে দগ্ধ কৰিব। সেয়ে হোম-বলি, যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ হ’ব।


তোমালোকে যিহোৱাৰ উদ্দেশ্যে যি কোনো ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা, তাক খমীৰেৰে যুগুত কৰা হ’ব নালাগে; কিয়নো খমীৰ বা মৌ ইয়াৰে একোকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে তোমালোকে দগ্ধ নকৰিবা।


তেতিয়া তেওঁৰ সেই উপহাৰ তেওঁ হাৰোণৰ পুত্ৰ পুৰোহিত সকলৰ ওচৰলৈ আনিব; পাছত পুৰোহিতসকলৰ এজনে তাৰ পৰা এমুঠি মিহি আটাগুড়ি, এচলু তেল, আৰু আটাইখিনি ধূপ-ধূনা লৈ, তাৰ স্মৰণাৰ্থক অংশ বুলি তাক বেদীৰ ওপৰত দগ্ধ কৰিব; সেয়ে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।


তেতিয়া হাৰোণৰ পুত্ৰসকলে বেদীত, জুই, কাঠ আৰু হোমৰ ওপৰত তাক দগ্ধ কৰিব; সেয়ে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।


আৰু মঙ্গলাৰ্থক বলিৰ পৰা তেল এৰুৱাই লোৱাৰ দৰে তাৰো আটাইবোৰ তেল এৰুৱাই ল’ব; তাৰ পাছত পুৰোহিতে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে বেদীৰ ওপৰত তাক দগ্ধ কৰিব; এইদৰে পুৰোহিতে সেই লোক জনৰ পাপৰ অৰ্থে প্ৰায়শ্চিত্ত কৰিব আৰু তেওঁৰ পাপ ক্ষমা হ’ব।


শস্য উৎসৰ্গ কৰাৰ নিয়ম এই। হাৰোণৰ পুত্ৰসকলে ইয়াক বেদীৰ আগত যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰিব।


তেওঁ মেৰটোৰ ভিতৰ অংশৰ নাড়ী-ভুৰু আৰু ঠেংকেইখন পানীত ধুলে, আৰু সম্পূৰ্ণ মেৰটো বেদীত পুৰিলে। এয়ে হোম-বলি, সুঘ্ৰাণৰ অৰ্থে যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ। যিহোৱাই দিয়া আজ্ঞাৰ দৰেই মোচিয়ে এই সকলোকে কৰিলে।


যেতিয়া তোমালোকে প্ৰতিজ্ঞা সিদ্ধিৰ অৰ্থে বা নিজ ইচ্ছাৰে এনেই দিবৰ অৰ্থে নাইবা তোমালোকৰ পৰ্ব্বৰ দিনত, গৰু, কি মেৰ, কি মেৰ-ছাগৰ জাকৰ পৰা আনি যিহোৱাক সুঘ্ৰাণ দিবৰ কাৰণে, হোম-বলি বা মঙ্গলাৰ্থক বলি আদি অগ্নিকৃত উপহাৰ যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা,


তেতিয়া যিহোৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰা লোকে হোম-বলি আৰু আন বলিৰ অৰ্থে দিয়া প্ৰত্যেক মেৰে সৈতে, হীনৰ চাৰিভাগৰ এভাগ এভাগ তেল মিহলোৱা মিহি আটাগুড়িৰ দহ ভাগৰ এভাগ ভক্ষ্য নৈবেদ্য আনিব।


আৰু প্ৰত্যেক মাহৰ আৰম্ভণিতে তোমালোকে যিহোৱাৰ উদ্দেশ্যে হোমৰ বাবে দুটা দমৰা গৰু, এটা মতা মেৰ আৰু সাতোটা নিঘূণ মতা মেৰ পোৱালি, এই সকলোকে উৎসৰ্গ কৰিবা।


আৰু দ্বিতীয় মেৰ পোৱালিটো সন্ধিয়া পৰত উৎসৰ্গ কৰিবা; ৰাতিপুৱা দিয়া ভক্ষ্য নৈবেদ্য আৰু তাৰ পেয় নৈবেদ্যৰ দৰে তাকো যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণাৰ্থক অগ্নিকৃত উপহাৰস্বৰূপে উৎসৰ্গ কৰিবা।


আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যজ্ঞ-বেদীৰ ওপৰত আপোনালোকে আপোনালোকৰ হোমবলি অর্থাৎ মঙহ আৰু তেজ উৎসৰ্গ কৰিব; আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যজ্ঞ-বেদীৰ ওপৰত বলিৰ তেজ ঢালি দিব লাগিব; কিন্তু তাৰ মাংস আপোনালোকে খাব পাৰিব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন