62 যীচুৱে তেওঁক ক’লে, “যি কোনোৱে নাঙলত হাত থৈ পাছফাললৈ ঘূৰি চায় তেওঁ ঈশ্বৰৰ ৰাজ্যৰ উপযুক্ত নহয়।”
তেতিয়া ইলীচাই ষাঁড়বোৰ এৰি, এলিয়াৰ পাছে পাছে লৰি গ’ল; ইলীচাই তেওঁক ক’লে, “বিনয় কৰোঁ মই মোৰ আই-বোপাইক চুমা খাই আহিবলৈ আপুনি মোক অনুমতি দিয়ক; তাৰ পাছত আপোনাৰ পাছে পাছে চলিম।” তেওঁ ইলীচাক ক’লে, “উলটি যোৱা, কিন্তু মই তোমালৈ যি কৰিলোঁ সেই বিষয়ে ভাবিবা?”
হে ভাই সকল, মই যে সেয়া মোৰ অধীনত কৰিলোঁ, সেই বিষয়ে এনে ভাব এতিয়ালৈকে কৰা নাই; কিন্তু মই এই কাম কৰোঁ: পাছত থকা সকলোকে পাহৰি, আগত থকা বোৰলৈহে যত্ন কৰোঁ৷
কিয়নো দীমাই এই বর্তমান সংসাৰৰ প্ৰেমত পৰি, মোক ত্যাগ কৰি থিচলনীকীলৈ গ’ল; ক্ৰীষ্কেন্ত গালাতীয়ালৈ আৰু তীত দালমাতিয়ালৈ গ’ল।
কিন্তু মোৰ ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব; কিন্তু যদি হুঁহকি যায়, তেনেহলে মোৰ প্ৰাণ সেই জনত সন্তুষ্ট নহ’ব।