Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




লূক 8:37 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

37 তেতিয়া গেৰাচেনীয়া সকলৰ দেশৰ চাৰিওফালৰ মানুহে আহি তেওঁলোকৰ ওচৰৰ পৰা আতৰি যাবলৈ যীচুক অনুৰোধ কৰিলে; কিয়নো তেওঁলোকৰ বৰ ভয় লাগিছিল।

অধ্যায়টো চাওক কপি কৰক




লূক 8:37
16 পৰস্পৰ সংযোগসমূহ  

পাছত শাসনকর্তা সকলে আহি তেওঁলোকৰ ওচৰত ক্ষমা বিচাৰিলে আৰু বন্দীশালৰ পৰা বাহিৰলৈ আনি নগৰ এৰি যাবলৈ তেওঁলোকক অনুৰোধ কৰিলে।


যি কোনোৱে তোমালোকৰ কথা শুনে, তেওঁ মোৰো কথা শুনে৷ যি কোনোৱে তোমালোকক অগ্ৰাহ্য কৰে, তেওঁ মোকো অগ্ৰাহ্য কৰে আৰু যি কোনোৱে মোক অগ্ৰাহ্য কৰে, তেওঁ মোক পঠোৱা জনকো অগ্ৰাহ্য কৰে।”


তাৰ পাছত তেওঁলোক আন এখন গাঁৱলৈ গ’ল।


আৰু যিবোৰ মানুহে তোমালোকক গ্ৰহণ নকৰে, তেওঁলোকৰ নগৰৰ পৰা ওলাই যাওঁতে, সেই লোকবোৰৰ বিপক্ষে প্ৰমাণ স্ৱৰূপে তোমালোকে ভৰিৰ ধূলি জোকাৰি পেলাবা।”


সি যীচুক দেখাৰ লগে লগে কান্দিব ধৰিলে আৰু তেওঁৰ সন্মূখতে পৰিল৷ পাছত বৰ মাতেৰে ক’ব ধৰিলে, “হে সৰ্ব্বোপৰি ঈশ্বৰৰ পুত্ৰ যীচু, আপোনাৰ লগত মোৰ কি কাম? মই মিনতি কৰিছোঁ, মোক যাতনা নিদিব।”


ইয়াকে দেখি চিমোন পিতৰে যীচুৰ চৰণত পৰি ক’লে, “প্ৰভু মই এজন পাপী মানুহ, আপুনি মোৰ ওচৰৰ পৰা আতৰি যাওক।”


তেতিয়া সেই ঠাইলৈ অহা লোক সকলে যীচুক তেওঁলোকৰ অঞ্চলৰ পৰা আতৰি যাবলৈ বিনয় কৰিলে৷


তেতিয়া যীচুক সাক্ষাৎ কৰিবলৈ নগৰৰ সকলো মানুহ ওলাই আহিল; তেওঁলোকে যীচুক দেখা পাই তেওঁক অনুৰোধ কৰি ক’লে, তেওঁ যেন তেওঁলোকৰ অঞ্চলৰ পৰা গুচি যায়।


তেতিয়া ল’ৰাটিৰ মাতৃয়ে এলিয়াক ক’লে, “হে ঈশ্বৰৰ লোক, আপোনাৰ লগত মোৰ কি সমন্ধ? আপুনি জনো মোৰ অপৰাধ সোঁৱৰাবলৈ আৰু মোৰ পুত্ৰক মাৰি পেলাবলৈ আহিছে!”


বৈৎচেমচৰ লোকসকলে ক’লে, “এই পবিত্ৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত কোনে থিয় হ’ব পাৰিব? আৰু তেওঁ আমাৰ পৰা কাৰ ওচৰলৈ যাব?”


কিন্তু এতিয়া আমি কিয় মৰিবলৈ যাম? কিয়নো এই মহান জুইয়ে আমাক গ্ৰাস কৰি পেলাব; যদি আৰু বেছি সময় আমি আমাৰ ঈশ্বৰ যিহোৱাৰ কন্ঠস্বৰ শুনো, তেন্তে আমি নিশ্চয়ে মৰিম।


আৰু সেই ভূতে পোৱা লোক জনে কেনেকৈ ৰক্ষা পালে, দেখাবোৰে সেই বিষয়ে আনবোৰ লোকৰ আগত ক’লে।


সেয়েহে তেওঁ নাৱত উঠি, উলটি গ’ল। তেতিয়া যি মানুহৰ পৰা ভূত ওলাই গ’ল, সি তেওঁৰ লগত থাকিবলৈ মিনতি কৰিলে; কিন্তু তেওঁ তাক পঠিয়াই দি ক’লে,


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন