9 যীচুৱে এই কথা শুনি অতি বিস্ময় মানিলে আৰু মুখ ঘূৰাই তেওঁৰ পাছে পাছে ভিৰ কৰি অহা লোক সকলক ক’লে, “মই তোমালোকক কওঁ, ইস্ৰায়েলৰ মাজতো মই ইমান বিশ্বাস কোনো এজনৰ পৰা পোৱা নাই।”
তেতিয়া যীচুৱে উত্তৰ দিলে, “হে নাৰী, তোমাৰ বিশ্বাস মহৎ; তোমাৰ ইচ্ছাৰ দৰেই তোমালৈ হওক।” তাতে সেই মুহূৰ্ত্তৰে পৰা মহিলা গৰাকীৰ জীয়েক সুস্থ হ’ল।
যীচুৱে এই কথা শুনি বিস্মিত হ’ল আৰু যি সকল লোক তেওঁৰ পাছে পাছে গৈ আছিল, সেই লোক সকলক উদ্দেশ্য কৰি তেওঁ ক’লে, “মই আপোনালোকক সঁচাকৈয়ে কৈছোঁ, ইস্ৰায়েলত ইমান বেচি বিশ্বাস মই কাৰো মাজত দেখা পোৱা নাই।
যীচুৱে সেই ভূতক খেদোৱাৰ পাছত বোবা মানুহ জনে কথা কবলৈ ধৰিলে। ইয়াকে দেখি সকলো মানুহে আচৰিত হৈ ক’লে, “ইস্ৰায়েল দেশত আগেয়ে কেতিয়াও এনেকুৱা দেখা পোৱা নাই!”
পাছত যি সকলক পঠোৱা হৈছিল, তেওঁলোকে ঘৰলৈ উভতি আহি, সেই দাসক সুস্থ হোৱা দেখা পালে।
কিন্তু যীচুৱে সেই তিৰোতাক ক’লে, “তোমাৰ বিশ্বাসেই তোমাক পৰিত্ৰাণ কৰিলে; শান্তিৰে যোৱা।”
কিয়নো মই পৰৰ ক্ষমতাৰ অধীন মানুহ, মোৰ অধীনতো সেনাবোৰ আছে; মই এজনক যোৱা বুলিলে, সি যায় আৰু আন এজনক আহা বুলিলে, সি আহে৷ মোৰ দাসক এইটো কৰ বুলিলে, সি কৰে।”