Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




লূক 7:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

3 কিন্তু সেনাপতিয়ে যেতিয়া যীচুৰ বিষয়ে শুনিবলৈ পালে, তেতিয়া অসুস্থ দাস জনক ৰক্ষা কৰিবৰ বাবে যীচুক অনুৰোধ কৰিবলৈ ইহুদী সকলৰ কেইজনমান পৰিচাৰকক পঠিয়াই দিলে৷

অধ্যায়টো চাওক কপি কৰক




লূক 7:3
7 পৰস্পৰ সংযোগসমূহ  

ইয়াৰ পাছত যীচু কফৰনাহূম নগৰলৈ গ’ল। তাত এজন এশৰ সেনাপতিয়ে তেওঁৰ ওচৰলৈ আহি বিনয় কৰি ক’লে,


মোৰ বন্দী অৱস্থাত জন্মা পুত্র ওনীচিমৰ প্রসংগত মই তোমাক অনুৰোধ কৰোঁ;


তেওঁ যেতিয়া শুনিলে যে যীচু যিহুদীয়াৰ পৰা গালীল প্ৰদেশলৈ ঘূৰি আহিছে, তেতিয়া তেওঁ যীচুৰ ওচৰলৈ গৈ অনুৰোধ কৰি ক’লে, যীচুৱে যেন আহি তেওঁৰ ল’ৰাক সুস্থ কৰি দিয়ে; কিয়নো তেওঁৰ ল’ৰা জন তেতিয়া মৰোঁ মৰোঁ অৱস্থাত আছিল।


সেই সময়ত মানুহবোৰৰ মাজৰ পৰা এজনে ৰিঙিয়াই ক’লে, “হে গুৰু, মই মিনতি কৰোঁ, মোৰ ল’ৰালৈ দৃষ্টি কৰক; কিয়নো সি মোৰ একেটি ল’ৰা।


আৰু সেই ঠাইৰ নাম-ঘৰৰ যায়ীৰ নামেৰে এজন অধিকাৰীয়ে আহি যীচুৰ চৰণত পৰিল আৰু তেওঁৰ ঘৰলৈ যাবৰ বাবে তেওঁক বিনয় কৰিলে;


সেই ঠাইত এজন এশৰ সেনাপতিৰ প্ৰিয় দাস অসুস্থ হৈ মৰোঁ মৰোঁ অৱস্থাত আছিল৷


তেতিয়া তেওঁলোকে যীচুৰ ওচৰলৈ আহিল আৰু অতিশয় বিনয় কৰি ক’লে, “যাৰ বাবে আপোনাৰ ওচৰত আহিছোঁ, তেওঁলৈ আপুনি যেন অনুগ্ৰহ কৰিব; তেওঁ এনে অনুগ্ৰহ পাবৰ যোগ্য ব্যক্তি৷


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন