Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




লূক 7:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 যেতিয়া তেওঁ গৈ নগৰৰ দুৱাৰৰ ওচৰ পালে, তেতিয়া এজন মৃত লোকক কিছুমান মানুহে বাহিৰলৈ কঢ়িয়াই লৈ আহি থকা দেখিলে৷ সেই মৃত লোক জন আছিল এজনী বিধৱাৰ একমাত্ৰ সন্তান৷ সেই নগৰৰ বহুত লোকে তেওঁৰ সংগে সংগে আহি আছিল।

অধ্যায়টো চাওক কপি কৰক




লূক 7:12
20 পৰস্পৰ সংযোগসমূহ  

দূতে ক’লে, “তুমি ল’ৰাটোৰ গাত হাত নিদিবা আৰু তাৰ একো হানি নকৰিবা; কিয়নো তুমি যে ঈশ্বৰৰ ভয়কাৰী লোক, সেই বিষয়ে মই এতিয়া জানিছোঁ; কাৰণ তুমি তোমাৰ একেটি পুত্ৰকো মোৰ বাবে বলি দিবলৈ অসন্মত নহলে।”


তেতিয়া ঈশ্বৰে ক’লে, “তুমি প্ৰেম কৰা তোমাৰ একমাত্র পুত্র ইচহাকক লৈ মোৰিয়া দেশলৈ যোৱা; তাত যি পাহাৰটোৰ কথা মই তোমাক কম, তাৰ ওপৰতে তুমি ল’ৰাক হোমবলিৰূপে উৎসর্গ কৰাগৈ।”


এতিয়া চাওঁক, গোটেই গোষ্ঠীয়ে আপোনাৰ বেটীৰ বিৰুদ্ধে উঠি কৈছে, ‘তই সেই ভ্ৰাতৃ-বধীটোক শোধাই দে; তাৰ বধ কৰা ভায়েকৰ প্ৰাণৰ সলনি আমি তাৰ প্ৰাণ লম৷’ গতিকে তেওঁলোকে উত্তৰাধিকাৰিকো বিনষ্ট কৰিব। এইদৰে সিহঁতে মোৰ বাকী থকা আঙ্গঠাটি নুমাই পৃথিৱীত মোৰ স্বামীৰ নাম আদি একো নথকা কৰিব খুজিছে।”


তেতিয়া তাই ক’লে, “তোমাৰ ঈশ্বৰ যিহোৱাৰ জীৱনৰ শপত, মোৰ ঘৰত এটি পিঠাও নাই; কেৱল বয়ামত এমুঠিমান আটাগুড়ি আৰু টেকেলিত এটোপমান তেল আছে৷ চোৱা, মোৰ আৰু মোৰ ল’ৰাটিৰ কাৰণে তাৰে ৰান্ধিবলৈ মই দুডালমান খৰি যোগাৰ কৰি আছোঁ; আৰু এইখিনি খোৱাৰ পাছতে আমাৰ মৃত্যু হ’ব।


তেতিয়া ল’ৰাটিৰ মাতৃয়ে এলিয়াক ক’লে, “হে ঈশ্বৰৰ লোক, আপোনাৰ লগত মোৰ কি সমন্ধ? আপুনি জনো মোৰ অপৰাধ সোঁৱৰাবলৈ আৰু মোৰ পুত্ৰক মাৰি পেলাবলৈ আহিছে!”


তাৰ পাছত এলিয়াই ল’ৰাটি লৈ ওপৰ কোঁঠালিৰ পৰা নামি আহি ঘৰৰ ভিতৰত সোমাই তাৰ মাতৃৰ হাতত শোধাই দি ক’লে, “চোৱা, তোমাৰ এই ল’ৰাটি জীৱিত আছে।”


“তুমি উঠি গৈ চীদোনৰ অধীনত থকা চাৰিফতত বাস কৰাগৈ; আৰু চোৱা, সেই ঠাইত তোমাৰ খোৱা বস্তু যোগাবলৈ মই এজনী বিধৱা মহিলাক আজ্ঞা কৰিলোঁ।”


ইলীচাই ক’লে, “অহা বছৰৰ এই সময়ত আপুনি কোলাত এটি পুত্ৰ সন্তান ল’বলৈ পাব।” মহিলাগৰাকীয়ে ক’লে, “হে মোৰ প্ৰভু, হে ঈশ্বৰৰ লোক, আপোনাৰ দাসীক মিছা আশা নিদিব।”


সেই দাসে যেতিয়া তাক দাঙি আনি মাকৰ ওচৰত দিলেহি, সি দুপৰীয়া পর্যন্ত মাকৰ কোলাতে বহি থাকিল আৰু তাৰ পাছত তাৰ মৃত্যু হ’ল।


বিনষ্ট হবলগীয়া মানুহৰ আশীৰ্ব্বাদ মোৰ ওপৰত পৰিছিল; মই বাঁৰী তিৰোতাৰ মন উল্লাসিত কৰিছিলোঁ।


আৰু দায়ূদ-বংশৰ আৰু যিৰূচালেম নিবাসীসকলৰ ওপৰত মই অনুগ্ৰহ আৰু মিনতিৰ কাৰণে আত্মা বাকি দিম; তেতিয়া তেওঁলোকে মোক যি দৰে বিন্ধিছিল, সেই বিষয়ে তেওঁলোকে চাব। একেটি পুত্ৰৰ কাৰণে বিলাপ কৰা নিচিনাকৈ তেওঁলোকে তেওঁৰ কাৰণে বিলাপ কৰিব আৰু প্ৰথমে জন্মা পুত্ৰৰ বিয়োগত মানুহে বেজাৰ পোৱাৰ দৰে তেওঁলোকে তেওঁৰ কাৰণে মনত বেজাৰ পাব।


ইয়াৰ কিছুদিনৰ পাছত, যীচু নায়িন নামেৰে এখন নগৰলৈ গৈ আছিল৷ তাতে তেওঁৰ শিষ্য সকল আৰু এজাক মানুহৰ এটা দল তেওঁৰ লগত গৈ আছিল।


তেতিয়া প্ৰভুৱে তেওঁক দেখি গভীৰ মৰমত তেওঁৰ ফালে চালে আৰু ক’লে, “তুমি নাকান্দিবা।”


কিয়নো তেওঁৰ মাথোন এজনী বাৰ বছৰীয়া জীয়েক আছিল আৰু তায়ো মৰোঁ মৰোঁ হৈ আছিল। তাতে তেওঁ আহোতে, লোক সকল তেওঁৰ ওচৰত ভিৰ লাগি আছিল৷


আৰু সকলোৱে সেই সময়ত তাইৰ কাৰণে কান্দি কান্দি হিয়া ভুকুৱাই আছিল। কিন্তু তেওঁ ক’লে, “তোমালোকে নাকান্দিবা; তাই মৰা নাই, তাই মাত্র টোপনিতহে আছে।”


ইহুদী সকলৰ অনেকেই মাৰ্থা আৰু মৰিয়মক ভায়েকৰ কাৰণে সান্ত্বনা দিবলৈ আহি আছিল।


তেতিয়া পিতৰ উঠি তেওঁলোকৰ লগত গৈ তাত উপস্থিত হোৱাত, লোক সকলে তেওঁক ওপৰৰ কোঠালিলৈ নিলে আৰু বিধৱা সকলে তেওঁৰ ওচৰত থিয় হৈ কান্দি কান্দি, দৰ্কাই তেওঁলোকৰ লগত থাকোতে প্ৰস্তুত কৰা চোলা আদি কাপোৰ দেখুৱাবলৈ ধৰিলে।


তাতে তেওঁ টাবিথাক হাতত ধৰি তুলিলে; আৰু পবিত্ৰ লোক আৰু বিধৱা সকলক মাতি, তেওঁলোকৰ আগত জীয়াই উঠা দেখুৱালে।


মাউৰা আৰু বিধৱা সকলক তেওঁলোকৰ ক্লেশৰ কালত চাবলৈ যোৱা আৰু সংসাৰৰ পৰা নিজকে নিষ্কলঙ্কৰূপে ৰাখা, এয়েই পিতৃ ঈশ্বৰৰ আগত শুদ্ধ আৰু নিৰ্মল ধৰ্ম-কৰ্ম।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন