লূক 6:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201923 সেই সময়ত তোমালোকে আনন্দ কৰিবা, আনন্দত নাচি উঠিবা; কিয়নো চোৱা, স্বৰ্গত তোমালোকৰ বাবে পুৰস্কাৰ সঞ্চিত আছে; কাৰণ তেওঁলোকৰ পূৰ্ব-পুৰুষ সকলেও ভাৱবাদী সকলক এনে ধৰণৰ ব্যৱহাৰে কৰিছিল। অধ্যায়টো চাওক |
এনেতে ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “এনে এজন আৰু ভাববাদী আছে যাৰ দ্বাৰাই আমি যিহোৱাৰ সহায়ৰ বাবে পৰামৰ্শ লব পাৰোঁ; তেওঁ যিম্লাৰ পুত্র মীখায়া, কিন্তু মই তেওঁক ঘিণ কৰোঁ, কিয়নো তেওঁ মোৰ বিষয়ে মঙ্গলৰ ভাববাণী প্ৰচাৰ নকৰে, কেৱল অমঙ্গলহে প্ৰচাৰ কৰে।” তেতিয়া যিহোচাফটে ক’লে, “মহাৰাজে যেন সেই ধৰণে কথা নকওঁক।”