18 তেওঁলোকে যীচুৰ কথা শুনিবলৈ আৰু নৰিয়াৰ পৰা সুস্থ হবৰ বাবে তেওঁৰ ওচৰলৈ আহিছিল। যি সকলে অশুচি আত্মাৰ দ্বাৰা কষ্ট পাই আছিল তেওঁলোকো সুস্থ হ’ল।
যিৰূচালেমৰ ওচৰ-পাজৰৰ নগৰৰ পৰা বহু মানুহে ৰুগীয়া আৰু অশুচি আত্মাই ধৰা লোক সকলক লৈ আহিল আৰু তেওঁলোকক সুস্থ কৰা হ’ল।
“হে প্ৰভু, আপুনি মোৰ পুত্ৰলৈ দয়া কৰক৷ সি মৃগী ৰোগত আক্ৰান্ত হৈ বৰ কষ্ট পাই আছে৷ সি বাৰে বাৰে হয় জুই অথবা পানীত পৰি যায়৷
সেই ঠাইৰ এগৰাকী কনান দেশীয় মহিলাই আহি চিঞৰি চিঞৰি কবলৈ ধৰিলে “হে প্ৰভু, দায়ুদৰ বংশৰ সন্তান, মোলৈ দয়া কৰক। ভূতে পোৱাৰ বাবে মোৰ ছোৱালী জনীয়ে অতিশয় যন্ত্রণা পাই আছে।”
তাৰ পাছত যীচুৱে তেওঁৰ পাঁচনি সকলৰ লগত পর্বতৰ পৰা নামি আহি এডোখৰ সমতল ভুমিত থিয় হ’ল। তাত তেওঁৰ শিষ্য সকলৰ এক বিশাল দল আছিল। সমগ্র যিহূদা, যিৰূচালেম, তুৰ আৰু চীদোনৰ সমুদ্রৰ উপকুলবর্তী অঞ্চলৰ পৰা অনেক লোক আহি তাত উপস্থিত হৈছিল।
তেতিয়া সকলোৱে তেওঁক স্পর্শ কৰাৰ চেষ্টা কৰিবলৈ ধৰিলে, কাৰণ তেওঁৰ পৰা ওলাই অহা শক্তিয়ে সকলোকে আৰোগ্য কৰিছিল।