কিয়নো যিহূদাই পাপ কৰি নিজৰ যাবলগীয়া ঠাইলৈ গ’ল৷ সেই ঠাইত এই দুয়ো জনৰ মাজৰ কোন জনক তুমি এই পৰিচর্যা আৰু পাঁচনি পদ পাবলৈ মনোনীত কৰিছা, সেয়া প্রকাশ কৰা।”
তাৰ পাছত যীচুৱে তেওঁৰ পাঁচনি সকলৰ লগত পর্বতৰ পৰা নামি আহি এডোখৰ সমতল ভুমিত থিয় হ’ল। তাত তেওঁৰ শিষ্য সকলৰ এক বিশাল দল আছিল। সমগ্র যিহূদা, যিৰূচালেম, তুৰ আৰু চীদোনৰ সমুদ্রৰ উপকুলবর্তী অঞ্চলৰ পৰা অনেক লোক আহি তাত উপস্থিত হৈছিল।