Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




লূক 5:29 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

29 তাৰ পাছত লেবীয়ে নিজৰ ঘৰত যীচুৰ কাৰণে এক বৰ ভোজ পাতিলে; তেওঁলোকৰ লগত অনেক কৰ-সংগ্রহক আৰু আন আন কিছুমান লোকো ভোজ মেজত বহিছিল আৰু খাই আছিল।

অধ্যায়টো চাওক কপি কৰক




লূক 5:29
9 পৰস্পৰ সংযোগসমূহ  

সেই সময়ত কৰ সংগ্রহকৰী আৰু পাপী লোক সকলে যীচুৰ কথা শুনিবৰ বাবে আহিছিল।


খ্ৰীষ্টত বিশ্বাস নকৰা সকলৰ কোনোৱে আপোনালোকক নিমন্ত্ৰণ কৰিলে, আপোনালোক যদি যাবলৈ সন্মত হয়, তেনেহলে দোষাদোষ জ্ঞানৰ কাৰণে একো নুসুধি-নুপুচি, যি কোনো বস্তু আপোনালোকৰ আগত থোৱা হয়, সেই বস্তুকে ভোজন কৰিব।


সেই ঠাইতে তেওঁলোকে যীচুৰ কাৰণে ৰাতিৰ আহাৰ যুগুত কৰিলে। মাৰ্থাই খোৱা আহাৰ বাঢ়ি দিছিল, যীচুৰ লগত যি সকলে ভোজনত বহিছিল তেওঁলোকৰ মাজতে লাজাৰো আছিল।


যেতিয়া যীচুৱে লেবীৰ ঘৰত ভোজন কৰি আছিল, তেতিয়া অনেক কৰ সংগ্রহকৰী আৰু পাপী লোক আৰু তেওঁৰ শিষ্য সকলেও তেওঁৰে সৈতে ভোজন কৰিবলৈ বহিল; লগতে তেওঁৰ পাছে পাছে অহা অনেক লোক তাত উপস্থিত আছিল৷


ইয়াৰ পাছত যীচুৱে মথিৰ ঘৰত ভোজন কৰিবলৈ বহিল। তাত কৰ সংগ্রহকৰী আৰু পাপী লোক সকল আহি যীচু আৰু তেওঁৰ শিষ্য সকলৰ লগত ভোজনত বহিল।


কিয়নো যি মানুহে তোমালোকক প্ৰেম কৰে, তোমালোকে যদি কেৱল তেওঁলোককে প্ৰেম কৰা, তেনেহলে কি পুৰস্কাৰ পাবা? কৰ সংগ্রহকাৰী সকলেও জানো তাকে নকৰে?


যীচু যেতিয়া সেই ঠাইৰ পৰা গৈ আছিল, তেতিয়া মথি নামেৰে এজন মানুহক কৰ সংগ্ৰহ কৰা ঠাইত বহি থকা দেখা পালে। যীচুৱে তেওঁক ক’লে, “মোৰ পাছত আহা।” মথিয়ে তেতিয়াই উঠি তেওঁৰ পাছে পাছে গ’ল।


মানুহৰ পুত্ৰই আহি ভোজন-পান কৰিলে কাৰণে লোকে কয়, ‘এই চোৱা, এই জন এজন খকুৱা আৰু মদাহী মানুহ; কৰ সংগ্রহকাৰী আৰু পাপীবোৰৰ বন্ধু! কিন্তু জ্ঞান যে সত্য, নিজৰ কৰ্মৰ দ্বাৰাই প্ৰমাণিত হয়।’”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন