17 শস্যৰ মৰণা মৰা চোতাল ভালকৈ পৰিষ্কাৰ কৰিবলৈ আৰু ধান নিজৰ ভঁৰালত চপাই থবলৈ তেওঁৰ কুলা তেওঁৰ হাতত আছে আৰু যি জুই কেতিয়াও নুনুমায়, তাত তেওঁ ঘুলা পুৰি পেলাব।”
দুষ্টবোৰ তেনেকুৱা নহয়; সিহঁত বতাহে উৰুৱাই নিয়া তুঁহৰ নিচিনা।
মাটি চাহ কৰা ষাঁড়গৰু আৰু গাধবোৰেও, বেলচা আৰু কুলাৰে সৈতে জাৰা পুৰঠ দানা খাব
মই তেওঁলোকক দেশৰ দুৱাৰবোৰত কুলাৰে জাৰিলোঁ। তেওঁলোকক সন্তানহীন কৰিলোঁ। মোৰ জাতিক বিনষ্ট কৰিলোঁ; তেওঁলোক নিজৰ পথৰ পৰা নুলটিল।
ভাববাদীয়ে কৈছে, “তেওঁলোকে যিহোৱাৰ কল্পনাবোৰ নাজানে, নাইবা তেওঁলোকে তেওঁৰ আঁচনিবোৰ নুবুজে; কাৰণ তেওঁ মৰণা মৰা ঠাইত ডাঙৰি গোটোৱাৰ দৰে তেওঁলোকক গোটাইছে।”
গতিকে শস্য দোৱাৰ সময়লৈকে সেইবোৰক একেলগে বাঢ়িবলৈ দিয়া। শস্য চপোৱাৰ সময়ত মই দাৱনী সকলক ক’ম, প্ৰথমতে বিনৈ বনবোৰ উভালিবা আৰু পুৰিবৰ বাবে মুঠি মুঠিকৈ বান্ধিবা। তাৰ পাছত মোৰ ভঁৰালত ধান চপাই থবা।’”
তেওঁৰ কুলা তেওঁৰ হাততে আছে; তেওঁ শস্যৰ মৰণা মৰা চোতাল ভালকৈ পৰিষ্কাৰ কৰিব আৰু তেওঁ নিজৰ শস্য ভঁৰালত চপাই থব; কিন্তু ঘুলা, সেই জুইত পুৰি পেলাব, যি জুই কেতিয়াও নুনুমায়।”
এইদৰে আন বহুতো উপদেশ দি যোহনে লোক সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিলে।