29 কিয়নো চোৱা, যি সময়ত বন্ধ্যা তিৰোতা, সন্তান নোহোৱা গর্ভ আৰু পিয়াহ নিদিয়া স্তনক ধন্য বুলিব, এনে কাল আহিছে।
কিন্তু এই দুজনতকৈ সেইজন বেছি সৌভাগ্যশালী যিজনৰ এতিয়াও জন্ম হোৱা নাই আৰু সূৰ্যৰ তলত যি দুষ্ট কাৰ্য কৰা হয়, তাক দেখা নাই।
চমৰিয়া দোষী হ’ব; কাৰণ তেওঁ ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে; তেওঁলোক তৰোৱালৰ দ্বাৰাই মৰিব, তেওঁলোকৰ শিশুসকলক আচাৰি ছিন্ন-ভিন্ন কৰা হ’ব, তেওঁলোকৰ গৰ্ভৱতী নাৰীসকলৰ উদৰ ফালি পেলোৱা হ’ব।
কিন্তু সেই কালত গৰ্ভৱতী আৰু নিজৰ কেচুৱাক প্ৰতিপালন কৰি থকা তিৰোতা সকলৰ সন্তাপ হ’ব।
এই কথা কৈ থাকোতে এজনী তিৰোতাই লোক সকলৰ মাজৰ পৰা বৰ মাতেৰে তেওঁক ক’লে, “আপোনাক যি গর্ভই ধাৰণ কৰিলে আৰু যাৰ স্তন আপুনি পান কৰিলে তেওঁ ধন্য।”
কিন্তু যীচুৱে তেওঁলোকলৈ ঘূৰি ক’লে, “হে যিৰূচালেমৰ জীয়ৰী সকল, মোৰ বাবে নাকান্দিবা, নিজৰ বাবে আৰু তোমালোকৰ সন্তান সকলৰ বাবে ক্ৰন্দন কৰা।