64 আৰু কাপোৰেৰে তেওঁৰ চকু বান্ধি সুধিলে, “তোমাক কোনে মাৰিলে, ইয়াক ভাববাণীৰে কোৱা?”
আৰু কেতবোৰে ঢকিয়াই সুধিলে, “হে’ৰা খ্ৰীষ্ট, ভাবোক্তিৰ দ্বাৰাই আমাক কোৱাচোন, তোমাক কোনে মাৰিলে”?
পাছত কোনো কোনোৱে তেওঁৰ গাত থুই পেলাবলৈ ধৰিলে আৰু তেওঁৰ মুখ ঢাকি, তেওঁক ভুকুৱাই ক’লে, “ভাবোক্তি প্ৰচাৰ কৰোঁতা!” আৰু সেনাপতি সকলে তেওঁক লৈ গৈ প্ৰহাৰ কৰিলে।
পাছত পলেষ্টীয়াহঁতে তেওঁক বন্দী কৰিলে। তাৰ পাছত তেওঁৰ চকু দুটা কাঢ়িলে; তেওঁক গাজালৈ আনি পিতলৰ দুডাল শিকলিৰে বান্ধিলে আৰু তেওঁ কাৰাগাৰত জাঁত পিহিলে।
পাছত সিহঁতে আনন্দ উৎসৱ পাতি ক’লে, “চিমচোনক বাহিৰলৈ মাতি আনা, সি আমাৰ আগত ৰং দেখুৱাওঁক।” তেতিয়া লোকসকলে বন্দীশালৰ পৰা চিমচোনক উলিয়াই আনিলে আৰু তেওঁ সিহঁতৰ আগত ৰং দেখুৱালে; পাছত সিহঁতে স্তম্ভ দুটাৰ মাজত তেওঁক থিয় কৰালে।