2 তেওঁলোকে তেওঁক সুধিলে, “আমাক কোৱা, তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা? বা তোমাক এই ক্ষমতা দিওঁতা জন কোন?”
কিন্তু মানুহ জনে ক’লে, “আমাৰ ওপৰত আপোনাক কোনে অধিপতি আৰু বিচাৰক পাতিছে? সেই মিচৰীয়াজনক যেনেদৰে বধ কৰিলে, তেনেদৰে মোকো বধ কৰিবলৈ পৰিকল্পনা কৰিছে নেকি?” তেতিয়া মোচিয়ে আতঙ্কিত হৈ ক’লে, “বাস্তৱিকতে মই যি কৰিলোঁ, সেই কথা নিশ্চয় আনেও গ’ম পালে।”
এদিন যীচুৱে যিৰূচালেম মন্দিৰত শুভবাৰ্তা প্ৰচাৰ কৰি, লোক সকলক যেতিয়া উপদেশ দি আছিল, তেতিয়া পৰিচাৰক সকলৰ সৈতে প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকল তেওঁৰ ওচৰলৈ আহিল৷
তেতিয়া তেওঁ উত্তৰ দি তেওঁলোকক ক’লে, “ময়ো তোমালোকক এটা প্ৰশ্ন সুধিব বিচাৰো, তোমালোকে মোক উত্তৰ দিয়া!
তেতিয়া ইহুদী নেতা সকলে যীচুক সুধিলে, “এইবোৰ আচৰিত কাৰ্য কৰিবলৈ তুমি যে অধিকাৰ পাইছা, তাৰে কি প্রমাণ তুমি আমাক দেখুৱাব পাৰিবা?”
কিন্তু যি জনে নিজৰ নিকটৱর্তীজনক অন্যায় ব্যৱহাৰ কৰিছিল, তেওঁ মোচিক ঠেলা মাৰি আতৰাই কলে ‘আমাৰ ওপৰত কোনে তোমাক শাসনকর্তা আৰু বিচাৰক পাতিলে?
হে ঠৰ-ডিঙীয়া লোক সকল, হৃদয় আৰু কাণৰ চুন্নৎ নোহোৱা লোক, আপোনালোকে সদায় পবিত্ৰ আত্মাৰ প্রতিৰোধ কৰে; পূৰ্ব-পুৰুষ সকলে যেনেদৰে কৰিছিল, আপোনালোকে সেইদৰেই কৰিছে।