9 ইয়াৰ পাছত, নিজকে ধাৰ্মিক বুলি ভবা আৰু আন লোকক হেয়জ্ঞান কৰা, এনে কিছুমান লোকৰ উদ্দেশ্যে তেওঁ এই দৃষ্টান্ত দিলে।
সেই বংশই নিজে নিজৰ দৃষ্টিত শুদ্ধ; কিন্তু তেওঁলোকে নিজৰ কলুষিতা পৰিত্যাগ নকৰে।
তেওঁলোকে কয়, ‘দূৰত থিয় থাকা; মোৰ ওচৰলৈ নাহিবা, কিয়নো মই তোমাতকৈ পবিত্ৰ,’ তেওঁলোক মোৰ নাকত ধোঁৱাই, আৰু ওৰে দিনটো জ্বলি থকা অগ্নিস্বৰূপ।
যিহোৱাৰ বাক্যত কম্পমান হোৱা যি তোমালোক, তোমালোক তেওঁৰ বাক্য শুনা; তোমালোকৰ যি ভাইসকল তোমালোকক ঘিণ কৰে, আৰু মোৰ নামৰ অৰ্থে তোমালোকক বহিষ্কৃত কৰে, তেওঁলোকে কয়, ‘যিহোৱা মহিমান্বিত হওক, তেতিয়া আমি তোমালোকৰ আনন্দ দেখিবলৈ পাম; কিন্তু তেওঁলোক লজ্জিত হ’ব।
পাছত পুৰোহিতে সপ্তম দিনা সেই ঘা চাব; যদি সেই ঘা বিয়পি যোৱা নাই, আৰু তাত হালধীয়া নোম নাই, আৰু ছালতকৈ ঘাৰ ছাল দ যেন বোধ নহয়,
কিন্তু তেওঁ নিজকে নিৰ্দ্দোষী বুলি প্ৰমাণিত কৰিবলৈ ইচ্ছা কৰি যীচুক ক’লে, “মোৰ চুবুৰীয়া নো কোন?”
তেতিয়া ফৰীচী আৰু বিধানৰ অধ্যাপক সকলে গৰিহণা কৰি ক’লে, “এই লোক জনে পাপী লোক সকলক গ্ৰহণ কৰিলে আৰু তেওঁলোকৰ সৈতে ভোজন-পানো কৰে।”
তেতিয়া তেওঁ তেওঁলোকক ক’লে, “আপোনালোকে মানুহৰ আগত নিজকে নিজে ধার্মিক প্ৰমাণিত কৰোঁতা, কিন্তু ঈশ্বৰে আপোনালোকৰ হৃদয় জানে; এতেকে মানুহৰ মাজত যি উত্তম, ঈশ্বৰে দেখাত সেয়ে ঘিণলগীয়া৷
ফৰীচীয়ে থিয় হৈ নিজৰ মতে এইদৰে প্ৰাৰ্থনা কৰিলে, ‘হে ঈশ্বৰ, মই আন মানুহৰ নিচিনা অপহাৰক, অন্যায়কাৰী, ব্যভিচাৰী, নাইবা এই কৰ সংগ্রহকাৰী জনৰ নিচিনাও নহওঁ, এই কাৰণে মই তোমাৰ স্তুতি কৰোঁ।
তাকে দেখি সকলোৱেই ভোৰভোৰাই কবলৈ ধৰিলে, “এওঁ এজন পাপী মানুহৰ ঘৰত আলহী হ’বলৈ গৈছে।”
তেওঁক নিমন্ত্ৰণ কৰা ফৰীচীয়ে ইয়াকে দেখি নিজৰ মনতে ক’লে, ‘এওঁ ভাববাদী হোৱা হলে, এওঁক স্পৰ্শ কৰা এইজনী তিৰোতা কোন আৰু এওঁ কেনে তিৰোতা, অৰ্থাৎ তেওঁ যে পাতকী, ইয়াক তেওঁ জানিলেহেঁতেন’।
ইহুদী সকলে উত্তৰ দি তেওঁক ক’লে, “আমি সঁচাকৈয়ে জানো কোৱা নাছিলো যে তুমি এজন চমৰীয়া, আৰু তোমাৰ ভিতৰত এটা ভূত আছে?”
তেতিয়া তেওঁলোকে সেই মানুহক ধিক্কাৰ দি ক’লে, “তইহে তাৰ শিষ্য; আমি হ’লে মোচিৰ শিষ্য।
তেওঁলোকে উত্তৰ দি তেওঁক ক’লে, “তইতো সম্পূর্ণ পাপতে জন্ম পাইছ! এতিয়া তই আমাকে শিকাও নে?” তাৰ পাছত ইহুদী সকলে তেওঁক নাম-ঘৰৰ পৰা বাহিৰ কৰি দিলে।
কিন্তু তেওঁ মোক কলে, ‘যোৱা, কিয়নো মই তোমাক দুৰৈত থকা অনা-ইহুদী সকলৰ ওচৰলৈ পঠিয়াম৷’
কাৰণ তেওঁলোকে ঈশ্বৰৰ ধাৰ্মিকতা নাজানি, নিজৰ ধাৰ্মিকতা স্থাপন কৰিবলৈ বিচাৰি, ঈশ্বৰৰ ধাৰ্মিকতাৰ বশীভূত নহ’ল।
কিন্তু আপুনি কিয় নিজৰ ভায়েৰাৰ সোধ-বিচাৰ কৰিছে? আপোনাৰ ভায়েৰাক নো কিয় হেয়জ্ঞান কৰিছে? কিয়নো আমি সকলোৱে ঈশ্বৰৰ বিচাৰৰ আসনৰ আগত থিয় হ’ম।
যি জন লোকে সকলো খায়, তেওঁ নোখোৱা জনক হেয়জ্ঞান নকৰক আৰু যি জনে নাখায়, তেওঁ খোৱা জনৰ বিচাৰ নকৰক; কিয়নো ঈশ্বৰে তেওঁক গ্ৰহণ কৰিলে।
পুৰ্বতে বিধান অবিহনে মই জীয়াই আছিলোঁ, কিন্তু পাছত সেই আজ্ঞা অহাত, পাপ পুনৰায় জীয়াই উঠিল আৰু মই মৰিলোঁ।