30 এই পৃথিৱীত তেওঁৰ অধিক গুণ, আৰু পৰকালত ‘অনন্ত জীৱন’ নাপাব, এনে কোনো নাই।”
যেতিয়া ইয়োবে তেওঁৰ বন্ধুসকলৰ বাবে প্ৰাৰ্থনা কৰিলে, তেতিয়া যিহোৱাই তেওঁৰ দুৰ্দশাৰ পৰিৱৰ্ত্তন কৰিলে, আৰু যিহোৱাই ইয়োবক আগতকৈ দুগুণ সম্পত্তি দিলে।
যদি তোমাৰ কাণ আছে, মণ্ডলীবোৰলৈ আত্মাই কি কৈছে শুনা। যি জনে জয় কৰে, তেওঁক মই গুপুত মান্না দিম; আৰু এটি বগা শিলো তেওঁক দিম; সেই শিলৰ ওপৰত এটি নতুন নাম লিখা আছে, গ্ৰহণ কৰা জনৰ বিনে আন কোনেও সেই নাম নাজানে”।
মানুহৰ পুত্ৰৰ বিৰুদ্ধে কোনোৱে কথা ক’লে, তেওঁক ক্ষমা কৰা হ’ব, কিন্তু কোনোৱে পবিত্ৰ আত্মাৰ বিৰুদ্ধে কথা ক’লে তেওঁক ইহলোকত বা পৰলোকতো ক্ষমা কৰা নহব।
কিন্তু যি কৰিবা, আচলতে সন্তুষ্ট মনেৰে কৰিবা; কিয়নো ঈশ্বৰভক্তিতে সকলো লাভ বিলীন হৈ থাকে।
কিয়নো শৰীৰচর্চ্চাই কেৱল অলপহে উপকাৰ কৰে, কিন্তু ভক্তি সকলো বিষয়ত লাভজনক, কাৰণ সেয়ে বৰ্ত্তমান আৰু ভবিষ্যত জীৱনৰ আয়ুস লাভৰ নিশ্চয়তা প্রদান কৰে।
মই এনেকৈ তোমাৰ বাক্যত আনন্দ কৰোঁ, যেনেকৈ যুদ্ধত বহুত লুটদ্ৰব্য পোৱা জনে আনন্দ কৰে।
মই বাস্তৱিকতে তোমাৰ আজ্ঞাবোৰ ভাল পাওঁ; সেইবোৰক সোণতকৈ, শুদ্ধ সোণতকৈয়ো ভাল পাওঁ।
তোমাৰ আজ্ঞাবোৰ মোৰ চিৰকালৰ আধিপত্য; সেইবোৰ মোৰ মনৰ আনন্দজনক।
তোমাৰ বাক্যবোৰ মোৰ জিভাত কেনে মিঠা লাগে! সেয়ে মোৰ মুখত মৌৰ কোঁহতকৈয়ো মিঠা লাগে।
তোমাৰ মুখৰ ব্যৱস্থাবোৰ মোৰ ওচৰত হাজাৰ হাজাৰ সোণ আৰু ৰূপতকৈয়ো বহুমূল্য।
দুষ্টলোকৰ প্রচুৰ ধনৰাশিতকৈয়ো, ধাৰ্মিকৰ অলপ সম্পত্তিয়েই ভাল।
মই নিজে যেনেকৈ জয় কৰি মোৰ পিতৃৰ সৈতে তেওঁৰ সিংহাসনত বহিলোঁ, তেনেকৈ যি জনে জয় কৰে, তেওঁকো মোৰে সৈতে মোৰ সিংহাসনত মই বহিবলৈ দিম।
তোমাৰ আসন্ন দুখভোগলৈ ভয় নকৰিবা। চোৱা! তোমালোকৰ পৰীক্ষাৰ অৰ্থে, চয়তানে তোমালোকৰ কোনো কোনোক বন্দীশালত পেলাবলৈ উদ্যত আছে, তাতে দহ দিনলৈ তোমালোকৰ ক্লেশ হ’ব৷ তুমি মৃত্যু পৰ্য্যন্ত বিশ্বাসী হৈ থাকা; তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম।
সমগ্র চিৰিয়া দেশতে তেওঁৰ খ্যাতি বিয়পি পৰিল আৰু লোক সকলে নানা ধৰণৰ বেমাৰ আৰু যন্ত্রণাত আক্রান্ত লোক, ভূতে পোৱা লোক, মৃগী ৰোগী আৰু পক্ষাঘাতগ্রস্ত আদি নানা ধৰণৰ ৰোগী সকলক তেওঁৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলোকক সুস্থ কৰিলে।