Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




লূক 11:51 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

51 হয়, মই আপোনালোকক কওঁ- হেবলৰ ৰক্তপাতৰ পৰা আৰম্ভ কৰি যি জখৰিয়াক যজ্ঞবেদি আৰু মন্দিৰৰ মধ্য স্থানত হত্যা কৰা হৈছিল, সেই জখৰিয়াৰ হত্যা পর্যন্ত সমস্ত ৰক্তপাতৰ বাবে এই কালৰ লোক সকল দায়ী হব৷

অধ্যায়টো চাওক কপি কৰক




লূক 11:51
9 পৰস্পৰ সংযোগসমূহ  

বিশ্বাসৰ গুণে হেবলে ঈশ্বৰৰ উদ্দেশ্যে কয়িনতকৈয়ো উত্তম বলিদান উৎসৰ্গ কৰিলে; আৰু তাৰ দ্বাৰায়েই, তেওঁ যে ধাৰ্মিক, ইয়াৰে সাক্ষ্য পালে৷ ঈশ্বৰে তেওঁৰ উপহাৰৰ বিষয়ে সাক্ষ্য দিছিল; আৰু তাৰ দ্বাৰাই তেওঁ মৃত হৈয়ো এতিয়ালৈকে কথা কৈ আছে।


তাতে ধাৰ্মিক হেবলৰ ৰক্তপাতৰ পৰা, বৰখিয়াৰ পুতেক যি জখৰিয়াক আপোনালোকে মন্দিৰ আৰু বেদিৰ মাজত বধ কৰিছিল, তেওঁৰ ৰক্তপাতলৈকে পৃথিৱীৰ ওপৰত সকলো ধাৰ্মিকৰ ৰক্তপাতৰ দোষ আপোনালোকৰ ওপৰত পৰিব।


আপোনালোক কয়িনৰ নিচিনা নহব। কয়িন চয়তানৰ লোক আছিল আৰু তেওঁ চয়তানৰ পৰা হ’ল আৰু নিজ ভায়েকক বধ কৰিলে। তেওঁ কি কাৰণে নিজ ভাইক বধ কৰিলে? কাৰণ তেওঁৰ কৰ্ম মন্দ আছিল, কিন্তু তেওঁৰ ভায়েক ধাৰ্মিক আছিল।


দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ অষ্টম মাহত, ইদ্দোৰ নাতিয়েক বেৰেখিয়াৰ পুত্ৰ জখৰিয়া ভাববাদীৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল:


নতুন নিয়মৰ মধ্যস্থ যীচু, আৰু হেবলতকৈ অতি উত্তম কথা কওঁতা শান্তি কৰা তেজ, এই সকলোৰ ওচৰলৈ অাপোনালোক আহিল।


তেতিয়া তুমি তেওঁলোকক ক’বা, ‘এয়ে নিজ ঈশ্বৰ যিহোৱাৰ বাক্য নুশুনা বা শাস্তি গ্ৰহণ নকৰা জাতি; বিশ্বস্ততা নষ্ট হ’ল, আৰু এওঁলোকৰ মুখৰ পৰা তাক দূৰ কৰা হ’ল!


পাছত তেওঁ পুনৰায় কয়িনৰ ভায়েক হেবলক প্ৰসৱ কৰিলে। হেবল এজন মেৰ-ছাগৰ পালক আৰু কয়িন কৃষক হ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন