Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




লূক 10:40 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

40 কিন্তু মাৰ্থাই আহাৰ যোগাৰৰ বাবে বহুত ব্যস্ত আছিল৷ তেওঁ যীচুৰ ওচৰলৈ আহি ক’লে “হে প্ৰভু, মোৰ ভনীয়ে মোক যে অকলশৰে কাম কৰিবলৈ এৰি দিছে এয়া আপুনি মন নকৰে নে? সেয়েহে সহায় কৰিবলৈ তাইক আজ্ঞা দিয়ক।”

অধ্যায়টো চাওক কপি কৰক




লূক 10:40
12 পৰস্পৰ সংযোগসমূহ  

ক্ষয়ণীয় আহাৰৰ কাৰণে শ্ৰম কৰিবলৈ এৰক; কিন্তু অনন্ত জীৱনলৈকে যি আহাৰ থাকে তাৰ কাৰণে শ্ৰম কৰক। সেই আহাৰ মানুহৰ পুত্ৰই আপোনালোকক দিব; কিয়নো পিতৃ ঈশ্বৰে তেওঁৰ ওপৰত নিজৰ মোহৰ মাৰিলে।”


তোমালোকে কি খাবা, কি পান কৰিবা এইবোৰ তোমালোকে নিবিচাৰিবা আৰু অস্থিৰ নহবা।


তেতিয়া পিতৰে তেওঁক একাষলৈ নি অনুযোগ কৰি ক’লে “হে প্ৰভু, ই আপোনাৰ পৰা দূৰ হওক! আপোনাৰ প্ৰতি কেতিয়াও এনে নঘটক।”


তেতিয়া গধূলি হবলৈ ধৰিছিল, শিষ্য সকলে তেওঁৰ ওচৰলৈ আহি ক’লে, “এই ঠাই নিৰ্জন আৰু দিনৰ সময়ো প্ৰায় শেষ হ’ল; লোক সকলক বিদায় দিয়ক, তেতিয়া তেওঁলোকে গাওঁবোৰলৈ গৈ নিজৰ কাৰণে খোৱা বস্তু কিনিব পাৰিব।”


কিন্তু তেওঁ মুখ ঘূৰালে আৰু তেওঁলোকক ডবিয়াই দিলে।


তেওঁৰ আত্মীয় সকলে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁলোকে তেওঁক, ‘তেওঁ বলীয়া হ’ল’ বুলি কৈ ধৰিবলৈ ওলাই গ’ল।


পাছত তেওঁলোকে আগবাঢ়ি যাওঁতে, যীচুৱে এখন গাৱঁত সোমাল; সেই গাঁৱত মাৰ্থা নামেৰে এজনী মহিলাই তেওঁক আদৰণি জনাই নিজৰ ঘৰত আলহী কৰি ৰাখিলে;


কিন্তু প্ৰভুৱে উত্তৰত তেওঁক ক’লে, “মাৰ্থা, মাৰ্থা, তুমি বহু বিষয়ত চিন্তিত আৰু ব্যস্ত হৈ আছা, কিন্তু মাত্ৰ এটা বিষয়হে প্ৰয়োজনীয়৷


বৈথনিয়া গাৱঁৰ লাজাৰ নামৰ এজন ব্যক্তিৰ অসুখ হৈ আছিল। মৰিয়ম আৰু তাইৰ বায়েক মাৰ্থাও সেই গাৱঁতে থাকে।


মাৰ্থা, তেওঁৰ ভনীয়েক আৰু লাজাৰক যীচুৱে প্ৰেম কৰিছিল।


সেই ঠাইতে তেওঁলোকে যীচুৰ কাৰণে ৰাতিৰ আহাৰ যুগুত কৰিলে। মাৰ্থাই খোৱা আহাৰ বাঢ়ি দিছিল, যীচুৰ লগত যি সকলে ভোজনত বহিছিল তেওঁলোকৰ মাজতে লাজাৰো আছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন