32 সেইদৰে এজন লেবীয়েও সেই ঠাই পোৱাত মানুহ জনক দেখি এফলীয়া হৈ গ’ল।
তাতে তেওঁলোকে নাম-ঘৰৰ অধিকাৰী চোস্থিনিক বলপূর্ব্বক ধৰি আনি বিচাৰৰ আসনৰ ওচৰত মাৰধৰ কৰিলে, সিহঁতে কৰা কামবোৰত গাল্লিয়োৱে মনোযোগ নিদিলে।
তোমাৰ বন্ধু আৰু তোমাৰ বন্ধুৰ পিতৃক পৰিত্যাগ নকৰিবা, আৰু তোমাৰ বিপদৰ দিনত ভায়েকৰ ঘৰলৈ নাযাবা। দূৰত থকা ভায়েকতকৈ ওচৰত থকা চুবুৰীয়াই ভাল।
মোৰ বিৰোধীসকলৰ ওচৰত মই নিন্দাৰ পাত্র হৈছোঁ; মোক দেখিলেই তেওঁলোকে মূৰ জোকাৰে।
কিয়নো সেই কালত মানুহবোৰ নিজকে নিজে প্ৰেম কৰোঁতা, ধন লুভীয়া, দর্পী, অহংকাৰী, নিন্দক, পিতৃ-মাতৃৰ প্ৰতি অবাধ্য, অকৃতজ্ঞ, অপবিত্ৰ,
ক্ষুধাতুৰ লোকৰ সৈতে তোমাৰ আহাৰ ভগাই লোৱা, আৰু ঘৰহীনা দুখীয়াসকলক নিজৰ ঘৰত আশ্ৰয় দিয়াই লঘোন নহয় নে? যেতিয়া তুমি চোৱা কোনোএজন বিৱস্ত্রতাত আছে, তুমি তেওঁক বস্ত্র দিয়া উচিত; আৰু তোমাৰ সম্পৰ্কীয় লোকৰ পৰা নিজকে লুকুৱাই ৰখা উচিত নহয়।
এনেতে কোনো এজন পুৰোহিত সেই বাটেদি গৈছিল; পাছত তেওঁ সেই মানুহ জনক দেখি, এফলীয়া হৈ গ’ল।
কিন্তু এজন চমৰীয়াই যাত্ৰা কৰি গৈ থাকোতে, সেই মানুহ জন পৰি থকা ঠাই পালে; তাতে মানুহ জনক দেখি তেওঁৰ মৰম উপজিল আৰু তেওঁ মানুহ জনৰ ওচৰলৈ আহিল৷
কিন্তু পৌলে চিঞৰি বৰ মাতেৰে ক’লে, “নিজৰ ক্ষতি নকৰিব৷ আমি সকলো ইয়াতে আছোঁ।”