Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




লূক 10:30 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

30 তেতিয়া যীচুৱে সমিধান দি ক’লে, “এজন মানুহ যিৰূচালেমৰ পৰা যিৰীহো নগৰলৈ গৈ আছিল; যাওঁতে বাটতে তেওঁ ডকাইতৰ হাতত পৰিল; তেতিয়া সিহঁতে তেওঁক বিবস্ত্ৰ কৰি মৰিয়াই, বস্তু-বাহানি লৈ আধামৰাকৈ মাৰি এৰি থৈ গুচি গ’ল।

অধ্যায়টো চাওক কপি কৰক




লূক 10:30
7 পৰস্পৰ সংযোগসমূহ  

গাতলৈ নামি যোৱাবোৰৰ লগত মই গণিত হৈছোঁ; মই অসহায় লোকৰ দৰে বলহীন হৈছোঁ;


পাছত তেওঁ বাৰ জন পাঁচনিক লগত লৈ তেওঁলোকক ক’লে, “চোৱা, আমি যিৰূচালেমলৈ যাত্ৰা কৰিছোঁ; তাতে ভাববাদী সকলৰ দ্বাৰাই যি যি লিখা আছে, সেই সকলো কথা মানুহৰ পুত্ৰত সিদ্ধ হ’ব।


এই সকলো কথা কোৱাৰ পাছত তেওঁ তেওঁলোকৰ আগে আগে যিৰূচালেম অভিমুখে যাত্ৰা কৰিলে।


মই বাবিলৰ ৰজাৰ বাহু দুটা সবল কৰিম আৰু তেওঁৰ হাতত মোৰ তৰোৱাল দিম যাতে মই ফৰৌণৰ বাহু দুটা ভাঙি পেলাব পাৰিম। তাতে সাংঘাতিকৰূপে আঘাতিত হোৱা লোকে কেঁকোৱাৰ দৰে তেওঁৰ আগত তেওঁ কেঁকাব।


এই হেতুকে, যিহোৱাই কৈছে, চোৱা, যি দিনা মই তাৰ কটা-প্ৰতিমাবোৰক দণ্ড দিম, আৰু তাৰ দেশৰ সকলোফালে খুন হোৱা লোকে কেঁকাব, এনে দিন আহিছে।


“আহাৰ আৰু দ্ৰাক্ষাৰস ক’ত?” এই বুলি তেওঁলোকে নিজ নিজ মাতৃসকলক প্রশ্ন কৰে। সিহঁত নগৰৰ বাটবোৰত আহত হোৱা মানুহৰ দৰে মুৰ্চ্ছিত হৈছে, আৰু নিজ নিজ মাতৃৰ কোলাত প্ৰাণত্যাগ কৰিছে।


এনেতে কোনো এজন পুৰোহিত সেই বাটেদি গৈছিল; পাছত তেওঁ সেই মানুহ জনক দেখি, এফলীয়া হৈ গ’ল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন