Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




লূক 10:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

25 ইয়াৰ পাছত এজন বিধান পণ্ডিতে উঠি যীচুক পৰীক্ষা কৰি চোৱাৰ ছলেৰে সুধিলে, “হে গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হম?”

অধ্যায়টো চাওক কপি কৰক




লূক 10:25
13 পৰস্পৰ সংযোগসমূহ  

এজন ধনী শাসনকর্তাই সুধিলে, “হে সৎ গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হ’ম?”


উত্তৰাধিকাৰ যদি বিধান পালনৰ জৰিয়তে প্রাপ্ত হয়, তেনেহলে সেয়া পুনৰ প্ৰতিজ্ঞাৰ ওপৰত নির্ভৰশীল হ’ব নোৱাৰে। কিন্তু ঈশ্বৰে বিনামূল্যে এই উত্তৰাধিকাৰ এক প্ৰতিজ্ঞাৰ দ্বাৰাই অব্ৰাহামক দান কৰিলে।


কিন্তু ফৰীচী আৰু পণ্ডিত সকলে তেওঁৰ দ্বাৰাই বাপ্তাইজিত নোহোৱাত ঈশ্বৰৰ অভিপ্ৰায় নিজৰ অৰ্থে বিফল কৰিলে৷


পাছত তেওঁ যাত্ৰা আৰম্ভ কৰোঁতে, এজন মানুহে তেওঁৰ ওচৰলৈ বেগাই আহি তেওঁৰ আগত আঁঠু লৈ সুধিলে, “হে সৎ গুৰু, অনন্ত জীৱনৰ অধিকাৰী হ’বলৈ মই কি কৰিব লাগিব?”


তেতিয়া বিধানৰ অধ্যাপক সকলৰ এজনে আহি, তেওঁলোকে এনে বাদ-বিচাৰ কৰা শুনি দেখিলে যে, যীচুৱে তেওঁলোকক ভালদৰেই উত্তৰ দিলে৷ তেতিয়া তেওঁ যীচুক সুধিলে, “কোনটো আজ্ঞা সকলোতকৈ প্রয়োজনীয়?”


কিয়নো মই তোমালোকক কওঁ যে, তোমালোকে যি যি দেখিছা, তাক অনেক ভাৱবাদী আৰু ৰজাই দেখিবলৈ ইচ্ছা কৰিও দেখিবলৈ নাপালে আৰু তোমালোকে যি যি শুনিছা, সেই বিষয়ে অনেকে শুনিবলৈ ইচ্ছা কৰিও, শুনিবলৈ নাপালে।”


তেতিয়া যীচুৱে ক’লে, “বিধানত কি লিখা আছে? তুমি কেনেকৈ বিধান-শাস্ত্ৰ পঢ়িছা?”


এই কথা তেওঁলোকে যীচুক পৰীক্ষা কৰিবলৈ ক’লে, যাতে তেওঁৰ নামত দোষাৰোপ কৰিবলৈ কিবা সূত্র পাব পাৰে। কিন্তু যীচুৱে তললৈ মুৰ কৰি আঙুলিৰে মাটিত লিখিবলৈ ধৰিলে।


তেতিয়া তেওঁ উত্তৰ দি ক’লে, “মোচিয়ে আপোনালোকক কি আজ্ঞা দিলে?”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন