49 কিয়নো পৰাক্ৰমী জনে মোৰ কাৰণে মহৎ কর্ম কৰিলে; আৰু তেওঁৰ নাম পবিত্ৰ।
অব্ৰামৰ বয়স যেতিয়া নিৰানব্বই বছৰ হ’ল, তেতিয়া যিহোৱাই অব্ৰামক দৰ্শন দি ক’লে, “মই সৰ্ব্বশক্তিমান ঈশ্বৰ; মোৰ লগত চলাচল কৰা আৰু সিদ্ধ হোৱা।
নিজৰ লোকসকলৰ কাৰণে তেওঁ মুক্তি পঠাই দিলে; তেওঁ আজ্ঞা দি অনন্ত কালৰ কাৰণে নিজৰ নিয়ম স্থাপন কৰিলে; তেওঁৰ নাম পবিত্ৰ আৰু ভয়ঙ্কৰ।
সেই প্ৰতাপী ৰজা কোন? তেওঁ যিহোৱা, যিজন পৰাক্ৰমী আৰু মহান, তেওঁ যিহোৱা, যিজন যুদ্ধত মহান।
জাতিবোৰে তেওঁৰ মহৎ আৰু ভয়াবহ নামৰ প্ৰশংসা কৰক; তেওঁ পবিত্ৰ।
তোমালোকে আমাৰ ঈশ্বৰ যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, তেওঁৰ পবিত্ৰ পৰ্ব্বত অভিমুখে প্ৰণিপাত কৰা: কিয়নো আমাৰ ঈশ্বৰ যিহোৱা পবিত্ৰ।
হে যিহোৱা, দেৱতাবোৰৰ মাজত আপোনাৰ তুল্য কোন? পবিত্ৰতাত আপোনাৰ দৰে মহিমান্বিত কোন? প্ৰশংসাত গৌৰৱাম্বিত, আচৰিত কৰ্ম কৰোঁতা কোন?
এই কাৰণে বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ পৰাক্ৰমী জনা প্রভুৱে এই কথা কৈছে: “তেওঁলোকৰ সন্তাপ হওক! মই মোৰ শত্ৰুসকলৰ বিৰুদ্ধে প্ৰতিশোধ ল’ম, আৰু মোৰ শত্রুসকলৰ বিৰুদ্ধে মই নিজে প্রতিশোধ সাধিম;
এইটোৰ কাৰণে যি জন অনন্তকালস্থায়ী, যাৰ নাম পবিত্র, আৰু উৰ্দ্ধ আৰু উন্নত যি জন তেওঁ এইদৰে কৈছে, “মই উৰ্দ্ধলোকত আৰু পবিত্ৰ স্থানত বাস কৰোঁ, আৰু নম্ৰ মনৰ লোকসকলক সচেতন কৰিবলৈ, ভগ্নচিত্তীয়াসকলৰ হৃদয় সতেজ কৰিবলৈ, মই সেই ভগ্নচিত্তীয়া আৰু নম্ৰ মনৰ লোকৰ লগতো বাস কৰোঁ।
প্রতিজনে আন জনক মাতি ক’লে, “পবিত্ৰ, পবিত্ৰ, পবিত্ৰ, বাহিনীসকলৰ যিহোৱা! সমগ্র পৃথিৱী তেওঁৰ মহিমাৰে পৰিপূৰ্ণ।”
ইদোমৰ পৰা, বস্ৰাৰ ৰঙা বস্ত্রেৰে সৌজন কোন আহিছে? ৰাজকীয় বস্ত্রেৰে, নিজৰ শক্তিৰ বাহুল্যত দৃঢ়তাৰে খোজ কাঢ়ি অহা জন কোন? “ধাৰ্মিকতাৰে কথা কোৱা জন, আৰু পৰাক্রমেৰে পৰিত্ৰাণ কৰিবলৈ সমৰ্থ থকা জন মই।”
হে যিহোৱা, তোমাৰ তুল্য কোনো নাই। তুমি মহান, আৰু তোমাৰ নাম পৰাক্ৰমত মহৎ।
কিন্তু যিহোৱা ভয়ানক বীৰৰ নিচিনাকৈ মোৰ সঙ্গত থাকে, সেইবাবে মোৰ তাড়নাকাৰীসকলে উজুটি খাব। আৰু তেওঁলোক কৃতকাৰ্য্য নহ’ব। তেওঁলোকে জ্ঞানেৰে সৈতে ব্যৱহাৰ নকৰাত অতিশয় লাজ পাব; সেই অপমান কেতিয়াও পাহৰা নাযাব, চিৰকাললৈকে থাকিব।
তাতে তেওঁ অনুমতি দিয়াৰ পাছত সেই অশুচি আত্মাবোৰ বাহিৰ ওলাই গাহৰিবোৰত সোমাল; তেতিয়া সেই জাকত থকা প্ৰায় দুই হাজাৰ গাহৰি বৰ জোৰেৰে দৌৰি গৈ গৰাৰ পৰা সাগৰত পানীত পৰি ডুবি মৰিল।
কিয়নো তেওঁ তেওঁৰ দাসীৰ নীহ অৱস্থালৈ চালে; আৰু এতিয়াৰ পৰা পুৰুষানুক্ৰমে সকলোৱে মোক ধন্যা বুলিব।
যি সকলে তেওঁলৈ ভয় কৰে, পুৰুষে পুৰুষে তেওঁলোকৰ ওপৰত তেওঁৰ দয়া থাকে।
আমাৰ হৃদয়ত ঈশ্বৰৰ যি শক্তিয়ে কার্য কৰে, তেওঁ সেই শক্তি অনুসাৰে আমি যি যাচনা কৰোঁ বা চিন্তা কৰোঁ, তাতকৈও অধিক বেচি কৰিব পাৰে।
আপোনাক কোনে ভয় নকৰিব, হে প্ৰভু আৰু কোনে আপোনাৰ নাম প্ৰশংসা নকৰিব? কিয়নো কেৱল আপুনি পবিত্ৰ; সকলো জাতিয়ে আপোনাৰ আগত আহি আপোনাক আৰাধনা কৰিব৷ কিয়নো আপোনাৰ ন্যায় বিধান প্ৰকাশিত কৰা হ’ল৷”
সেই চাৰি প্ৰাণীৰ প্ৰত্যেকৰ ছয় খনকৈ ডেউকা আৰু সেই প্ৰাণীবোৰৰ বাহিৰে ভিতৰে চকুৰেই পৰিপূৰ্ণ আছিল৷ তেওঁলোকে অবিৰাম দিনে-ৰাতিয়ে এই বুলি কৈ থাকে, ‘পবিত্ৰ, পবিত্ৰ, পবিত্ৰ প্ৰভু পৰমেশ্বৰ, সকলোৰে ওপৰত শাসনকৰ্তা, যি জন আছিল, এতিয়াও আছে আৰু আহিবলগীয়া জন৷’
যিহোৱাৰ দৰে আন কোনো পবিত্ৰ নাই, কিয়নো আপোনাৰ বাহিৰে আন কোনো নাই; আমাৰ যিহোৱাৰ সদৃশ কোনো শিলা নাই।