7 সিহঁতে বীৰসকলৰ দৰে লৰ মাৰে; সিহঁতে যুদ্ধাৰু নিচিনাকৈ গড়ত উঠে; সিহঁতে নিজ নিজ শাৰীত থাকে, আৰু তাক নভঙাকৈ নিজ নিজ পথত যাত্ৰা কৰে।
ফৰিংবোৰৰ ৰজা নাথাকে, তথাপি সিহঁত সকলোৱে শ্রেণী অনুসাৰে অতিক্রম কৰে;
সিহঁতে নগৰত ভ্ৰমি ফুৰে, গড়ৰ ওপৰত লৰ মাৰে, উঠি ঘৰৰ ভিতৰত সোমায়, আৰু চোৰৰ দৰে খিড়িকিয়েদি সোমায়।
তোমালোকে তাইৰ দ্রাক্ষাবাৰীবোৰ পাৰ হৈ তাক নষ্ট কৰা। কিন্তু নিঃশেষে সংহাৰ নকৰিবা। তাৰ ডালবোৰ দূৰ কৰা, কাৰণ সেইবোৰ যিহোৱাৰ নহয়।
তেতিয়াই দায়ূদে কৈছিল, “যি কোনোৱে যিবুচীয়াসকলক আক্ৰমণ কৰিব খোজে, তেওঁ পানীৰ নলাইদি উঠি গৈ দায়ূদৰ ঘিণলগীয়া সেই ‘কণা আৰু খোৰা’বোৰক আঘাত কৰক।” এই কাৰণে মানুহে কয়, “ই ‘কণা আৰু খোৰা’বোৰ ৰাজপ্ৰাসাদৰ ভিতৰত সোমাব নোৱাৰিব।”
চৌল আৰু যোনাথন, জীৱন কালত প্ৰিয় আৰু সন্তোষজনক আছিল, আৰু মৰণৰ কালতো তেওঁলোক পৃথক নহ’ল; তেওঁলোক ঈগল পক্ষীতকৈয়ো বেগী আছিল, তেওঁলোক সিংহতকৈয়ো বলৱান আছিল।
সূৰ্যই দৰাৰ দৰে নিজৰ শোৱনি কোঁঠাৰ পৰা ওলাই আহে; নিজৰ পথত বীৰৰ দৰে আনন্দেৰে লৰ মাৰে।
তেওঁ মোৰ প্ৰাচীৰৰ যোগেদি বাৰে বাৰে ভাঙে; তেওঁ বীৰৰ নিচিনাকৈ মোৰ বিৰুদ্ধে লৰি আহে।
সিহঁতে ইটোৱে সিটোৱে ঠেলাঠেলি নকৰে; প্ৰতিজনে নিজ নিজ পথত যাত্ৰা কৰে; সিহঁতে নিৰাপত্তা ব্যৱস্থাত বলপূৰ্বক প্ৰবেশ কৰে, আৰু সিহঁতে পৰিলেও যাত্ৰাপথৰ পৰা বাহিৰ নহয়।
আচেৰৰ মাজত যুদ্ধৰ বাবে চল্লিশ হাজাৰ লোক প্রস্তুত আছিল।