Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যোৱে 1:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 দ্ৰাক্ষালতা শুকাল, ডিমৰু গছ জঁয় পৰিল, ডালিম, খাজুৰ আৰু আপেলৰ গছবোৰ - পথাৰৰ সকলো গছ শুকাল। সঁচাকৈ মনুষ্য সন্তান সকলৰ মাজৰ পৰা আমোদ প্ৰমোদ নাইকিয়া হ’ল।

অধ্যায়টো চাওক কপি কৰক




যোৱে 1:12
19 পৰস্পৰ সংযোগসমূহ  

দ্ৰাক্ষাৰসৰ কাৰণে লোকসকলে বাটত কান্দিছে; সকলো আনন্দ মাৰ গ’ল, দেশত আনন্দ ধ্বনি নাইকিয়া হ’ল।


আনন্দ আৰু উল্লাস ফলৱান বাৰীৰ পৰা দূৰ কৰা হ’ব; আৰু তোমাৰ দ্ৰাক্ষাবাৰীবোৰত গান বা আনন্দ ধ্বনি আৰু নহ’ব; দ্ৰাক্ষাকুণ্ডত গচকি দ্ৰাক্ষাৰস উলিয়াবলৈ কোনো গচকা লোক নাথাকিব; মই দ্ৰাক্ষাবাৰীৰ গচকা আনন্দ ধ্বনি থমালোঁ।


আমাৰ চকুৰ আগত খোৱা বস্তুবোৰ, আৰু এনেকি আমাৰ ঈশ্বৰৰ গৃহৰ আনন্দ আৰু উল্লাস লোপ পোৱা নাই নে?


পথাৰবোৰ নষ্ট হ’ল, ভূমিয়ে শোক কৰিছে। কিয়নো শস্য নষ্ট কৰা হ’ল, নতুন দ্ৰাক্ষাৰস শুকাল, আৰু তেল নাইকিয়া হ’ল।


বননিৰ গছবোৰৰ মাজত সুমথিৰা টেঙাৰ গছ যেনে, যুৱকসকলৰ মাজত মোৰ প্ৰিয় তেনে। মই তেওঁৰ ছাঁয়াত বহি আনন্দ পাওঁ, মোৰ মুখত তাৰ ফল মিঠা লাগে।


ভঁৰালত এতিয়ালৈকে শস্য আছে নে? দ্ৰাক্ষালতা, ডিমৰু গছ, ডালিম, আৰু জিত গছে ফল দিয়া নাছিল; কিন্তু আজিৰ পৰা মই তোমাক আশীৰ্ব্বাদ কৰিম’।”


মোৱাব দেশৰ ফলৱতী বাৰীৰ পৰা আনন্দ আৰু হৰ্ষ দূৰ কৰা হ’ল, আৰু “মই দ্ৰাক্ষাকুণ্ডত দ্ৰাক্ষাৰস নাইকিয়া কৰিলোঁ; কোনেও আনন্দৰ ধ্বনিৰে নগচকিব; সেই ধ্বনি আনন্দৰ ধ্বনি নহ’ব।


শুনা হোৰোণয়িমত চিঞৰ-বাখৰ শুনা গৈছে, লুট আৰু মহাসংহাৰ হৈছে।


তুমি সেই দেশৰ লোক বহু সংখ্যক কৰিলা, তুমি তেওঁলোকৰ আনন্দ বৃদ্ধি কৰিলা; শস্য দোৱাৰ সময়ত আনন্দ কৰাৰ দৰে, আৰু লুটদ্ৰব্য ভাগ-বাঁটি লোৱাত আনন্দ কৰা দৰে, তেওঁলোকে তোমাৰ সাক্ষাতে আনন্দ কৰে।


এক ডালিম গছেৰে ভৰা উদ্যান; ডালবোৰ উত্তম উত্তম ফলেৰে ভৰা; তাত জেতুকা আৰু সুগন্ধি লতা আছে।


ধাৰ্মিকলোক খাজুৰ গছৰ দৰে উজ্বলি উঠিব; লিবানোনৰ এৰচ গছৰ নিচিনাকৈ বাঢ়ি যাব।


প্রচুৰ শস্য আৰু নতুন দ্রাক্ষাৰস উভৈনদী হ’লে যেনেকৈ আনন্দ হয়, তাতোকৈয়ো অধিক আনন্দ দি তুমি মোৰ অন্তৰ পূর্ণ কৰি ৰাখিছা।


পাছত তেওঁলোকে ইষ্কোল উপত্যকালৈ আহি সেই ঠাইতে এথোপা দ্ৰাক্ষাফল থকা দ্ৰাক্ষালতাৰ এটা ডাল কাটি, কানমাৰি লগাই দুজনে সাঙ্গী কৰি ল’লে আৰু কিছুমান ডালিম আৰু ডিমৰু ফলো লগত ললে।


নতুন দ্ৰাক্ষাৰসে শোক কৰিছে, দ্ৰাক্ষালতা জয় পৰি গৈছে, আনন্দিত মনৰ লোকসকলে হুমুনীয়াহ কাঢ়িছে।


কিন্তু পাছদিনা অতি ৰাতিপুৱাতে ঈশ্বৰে এটা পোক পঠালে আৰু সেই পোকটোৱে গছডাল কুটাত, গছডাল শুকাই গ’ল।


“মই তোমালোকৰ বিৰুদ্ধে গ্ৰাসকাৰী পোকক ধমকি দিম যাতে সেইবোৰে তোমালোকৰ ভূমিৰ শস্য নষ্ট নকৰিব; তোমালোকৰ বাৰীৰ দ্ৰাক্ষালতাৰ ফল সময়ৰ আগেয়ে সৰি নপৰিব।” ইয়াক বাহিনীগণৰ যিহোৱাই কৈছে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন