10 তেওঁলোকে তেওঁক সুধিলে, “তেনেহ’লে তোমাৰ চকু কেনেকৈ মুকলি হ’ল?”
বতাহ কোন দিশৰ পৰা বলিব, তুমি নাজানা; তুমি নাজানা মাতৃগর্ভত এটি শিশুৰ হাড়বোৰ কেনেকৈ বৃদ্ধি হয়; সেইদৰে যিজন সকলো বস্তুৰে সৃষ্টিকর্তা, সেই ঈশ্বৰৰ কার্যও তুমি বুজিব নোৱাৰা।
পাছে তেওঁলোকে বাৰুকক সুধিলে, “কোৱাচোন, তুমি কেনেকৈ তেওঁৰ মুখৰ পৰা এইবোৰ কথা লিখিছিলা?
তেওঁ ৰাতিয়ে-দিনে, শোওঁতে উঠোতে, সেই কঠীয়া কেনেকৈ গজে আৰু বাঢ়ে, সেই বিষয়ে নাজানে।
নীকদীমে উত্তৰ দি তেওঁক ক’লে, “এইবোৰ কেনেকৈ হ’ব পাৰে?”
ইয়াৰ পাছত যীচু গালীল সাগৰৰ সিপাৰলৈ গ’ল। এই সাগৰক তিবিৰিয়া সাগৰো কোৱা হয়।
তেওঁ উত্তৰ দিলে, “যীচু নামৰ মানুহ জনে মাটি বোকা কৰিলে আৰু মোৰ চকুত সেই বোকা লিপি দি বা সানি দি ক’লে, ‘চীলোহ’লৈ গৈ ধুই পেলোৱা’; সেইদৰে মই গৈ ধোৱাত দেখা পালোঁ।”
সেই কাৰণে ফৰীচী সকলে আকৌ তেওঁক প্রশ্ন সুধিলে যে তেওঁ কেনেকৈ দৃষ্টি ঘূৰাই পালে। তেওঁ তেওঁলোকক ক’লে, “তেওঁ মোৰ চকুত বোকা লগাই দিলে, আৰু মই ধুই দিয়াত এতিয়া মই দেখা পাওঁ।”
কিন্তু সি এতিয়া কেনেকৈ দৃষ্টি পাইছে, তাক নাজানো; আৰু কোনে তাৰ চকু মুকলি কৰিলে, সেই বিষয়েও নাজানো; তাৰ বয়স হৈছে, তাকে সুধক, সিয়ে নিজৰ বিষয়ে নিজে ক’ব।”
তেওঁলোকে তেওঁক সুধিলে, “তেওঁ তোমাক কি কৰিলে? তোমাৰ চকু কেনেকৈ মুকলি কৰিলে?”
কোনো কোনোৱে ক’লে, “হয়, ইয়েই সেই জন।” আন কোনোবাই ক’লে, “নহয়; কিন্তু ই দেখাত তাৰ নিচিনা।” কিন্তু মানুহ জনে নিজে ক’লে, “হয়, মই সেই জনেই হওঁ।”
কিন্তু কিছুমানে কয়, “মৃতবোৰ কেনেকৈ পুনৰুত্থিত হব? আৰু কেনেকুৱা দেহৰ সৈতে তেওঁলোক আহিব?”