52 তাতে তেওঁলোকে তেওঁক উত্তৰ দিলে, “তুমিও গালীল প্ৰদেশৰ মানুহ নেকি? বিচাৰি চোৱা, দেখিবা যে গালীল প্ৰদেশৰ পৰা কোনো ভাৱবাদীৰ আবির্ভাৱ হোৱা নাই।”
তেতিয়া তেওঁলোকে ক’লে, “যোৱা, আমাৰ পথৰ পৰা আঁতৰ হৈ যোৱা!” তেওঁলোকে আকৌ ক’লে, “এইজন বিদেশী হিচাবে আমাৰ ইয়ালৈ আহিছিল আৰু এতিয়া আমাৰে বিচাৰক হ’বলৈ গৈছে। এতিয়া আমি সিহঁততকৈ তোৰ লগত আৰু বেয়া আচৰণ কৰিম।” এই বুলি কৈ লোকসকলে সেই মানুহৰ বিৰুদ্ধে আগবঢ়িল আৰু লোটক ঠেলা মাৰি দুৱাৰ ভাঙিবলৈ কাষ চাপি গ’ল।
তেতিয়া কনানাৰ পুত্র চিদিকিয়াই ওচৰলৈ আহি মীখায়াৰ গালত চৰ মাৰি ক’লে, “তোমাৰ লগত কথা ক’বৰ কাৰণে যিহোৱাৰ আত্মা মোৰ পৰা তোমালৈ কোন পথেদি গ’ল?”
কিন্তু মানুহ জনে ক’লে, “আমাৰ ওপৰত আপোনাক কোনে অধিপতি আৰু বিচাৰক পাতিছে? সেই মিচৰীয়াজনক যেনেদৰে বধ কৰিলে, তেনেদৰে মোকো বধ কৰিবলৈ পৰিকল্পনা কৰিছে নেকি?” তেতিয়া মোচিয়ে আতঙ্কিত হৈ ক’লে, “বাস্তৱিকতে মই যি কৰিলোঁ, সেই কথা নিশ্চয় আনেও গ’ম পালে।”
নথনেলে ফিলিপক ক’লে, “নাচৰতৰ পৰা কোনো উত্তম বস্তু জানো ওলাব পাৰে?” ফিলিপে তেওঁক ক’লে, “আহি চোৱাহি।”
আপোনালোকে সকলো ধৰ্মশাস্ত্ৰ অতি মনোযোগ সহকাৰে পঢ়ে, কাৰণ আপোনালোকে ভাৱে সেইবোৰৰ মাজেদিয়ে আপোনালোকে অনন্ত জীৱন পাব। সেই শাস্ত্ৰবোৰে মোৰ বিষয়েই সাক্ষ্য দিছে;
কিন্তু কিছুমানে ক’লে, “কি? খ্ৰীষ্ট জানো গালীল প্ৰদেশৰ পৰা ওলাব?
তাৰ পাছত ইহুদী সকল নিজৰ নিজৰ ঘৰলৈ গুছি গ’ল।
তেওঁলোকে উত্তৰ দি তেওঁক ক’লে, “তইতো সম্পূর্ণ পাপতে জন্ম পাইছ! এতিয়া তই আমাকে শিকাও নে?” তাৰ পাছত ইহুদী সকলে তেওঁক নাম-ঘৰৰ পৰা বাহিৰ কৰি দিলে।