18 যি জনে নিজৰ পৰা কথা কয়, তেওঁ নিজৰ মৰ্যদা বিচাৰে; কিন্তু কোনো জনে যদি পঠোৱা জনৰ গৌৰৱ বিচাৰে, তেনেহলে তেওঁ সত্য, আৰু তেওঁৰ ভিতৰত একো অসাধুতা নাই।
অধিককৈ মৌ খোৱা ভাল নহয়, সেয়া সন্মানৰ ওপৰি সন্মান বিচৰা দৰে হয়।
তাতে মোচিয়ে তেওঁ ক’লে, “তুমি মোৰ পক্ষ হৈ ঈৰ্ষা কৰিছা নে? যিহোৱাৰ আটাইলোক ভাববাদী হোৱা হ’লে, আৰু যিহোৱাই তেওঁলোকৰ ওপৰত নিজ আত্মা থাকিবলৈ দিয়া হ’লে, মই কেনে সন্তোষ পালোঁহেঁতেন।”
এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰিবা; ‘হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক;
যীচুৱে এই কথা শুনি ক’লে, “এই অসুখ তেওঁৰ মৃত্যুৰ কাৰণে হোৱা নাই, কিন্তু ঈশ্বৰৰ গৌৰৱৰ কাৰণেই হৈছে, যেন তাৰ দ্বাৰাই ঈশ্বৰৰ পুত্র মহিমান্বিত হয়।”
হে পিতৃ, তোমাৰ নাম মহিমাম্বিত কৰা৷” তেতিয়া স্বৰ্গৰ পৰা এটা বাণী আহিল আৰু ক’লে, “মই মহিমান্বিত কৰিলোঁ, আকৌ মহিমান্বিত কৰিম”।
কিয়নো তেওঁলোকে ঈশ্বৰৰ পৰা পোৱা প্ৰশংসা তকৈ মানুহৰ পৰা পোৱা প্ৰশংসাক বেছি প্ৰেম কৰিছিল।
মই মানুহৰ প্রশংসা পাবলৈ চেষ্টা নকৰোঁ;
যীচুৱে উত্তৰ দিলে, “মই যদি নিজে নিজক মহিমান্বিত কৰোঁ, তেনেহলে মোৰ মহিমাৰ একো মূল্য নাই; কিন্তু মোৰ পিতৃ, যি জনক আপোনালোকে আপোনালোকৰ ঈশ্বৰ বুলি দাবী কৰে, তেৱেঁই মোক গৌৰৱান্বিত কৰে।
আমি আপোনালোকৰে হওক বা আনৰে হওক, কোনো মানুহৰ পৰা পাঁচনি হিচাপে মান মৰ্যদা বিচৰা নাই; অৱশ্যে খ্ৰীষ্টৰ পাঁচনি হোৱা বাবে আমি কোনো বিষয় দাবী কৰিব পাৰিলোহেঁতেন৷
যদি কোনোৱে কথা কয়, তেনেহলে ঈশ্বৰৰ বাক্যৰদৰে কওক; যদি কোনোৱে সেৱা শুশ্ৰূষা কৰে, তেনেহলে ঈশ্বৰে দিয়া শক্তি অনুসাৰে কৰক; এইদৰে সকলো বিষয়তে যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰ মহিমান্বিত হয়; তেওঁৰেই মহিমা আৰু পৰাক্ৰম চিৰকাল হওক। আমেন।
যদি আপোনালোকে জানিছে যে, তেওঁ ধাৰ্মিক; তেনেহলে ধাৰ্মিকতাপূৰ্ণ আচৰণ কৰা প্ৰতিজন যে, তেওঁৰ পৰা জন্ম পোৱা হয়, ইয়াকো আপোনালোকে জানিব৷