Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যোহন 5:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 পিতৃয়ে যেনেকৈ মৃতকক তুলি জীৱন দিয়ে, পুত্ৰয়ো যি জনকে ইচ্ছা কৰে, তেওঁক জীৱন দিয়ে।

অধ্যায়টো চাওক কপি কৰক




যোহন 5:21
14 পৰস্পৰ সংযোগসমূহ  

যি জনে খ্ৰীষ্ট যীচুক মৃত লোকৰ মাজৰ পৰা তুলিলে, তেওঁৰ আত্মা যদি আপোনালোকৰ জীৱনত থাকে, তেনেহলে খ্ৰীষ্ট যীচুক মৃত লোকৰ মাজৰ পৰা তোলা জনে আপোনালোকত নিবাস কৰা তেওঁৰ আত্মাৰ যোগেদি, আপোনালোকৰ মৰ্ত্ত্য দেহকো জীয়াব।


এতিয়া তোমালোকে ভাবি চোৱা, মই ময়েই, ময়েই তেওঁ; মোৰ বাহিৰে আন কোনো দেৱতা নাই; মইয়ে মাৰো, আৰু ময়েই জীয়াও; মইয়ে ঘা লগাওঁ আৰু ময়েই সুস্থ কৰোঁ; মোৰ হাতৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই।


যীচুৱে মার্থাক ক’লে, “ময়েই পুনৰুত্থান আৰু জীৱনো; যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মৰিলেও জীয়াই থাকিব;


ঈশ্ৱৰে যদি মৃত লোকক পুনৰুত্থিত কৰে তেনেহলে আপোনালোকে কিয় অবিশ্বাস বোধ কৰিছে?


যি দৰে সকলোকে অনন্ত জীৱন দিবলৈ তুমি সকলো মানুহৰ ওপৰত তোমাৰ পুত্ৰক অধিকাৰ কৰিবলৈ দিলা।


ইস্ৰায়েলৰ ৰজাই সেই পত্ৰ পঢ়ি বেজাৰতে নিজৰ কাপোৰ ফালি ক’লে, “মই জানো ঈশ্বৰ? মোৰ জানো কাৰোবাৰ মৃত্যু আৰু জীৱনৰ ওপৰত হাত আছে। কিয় এই লোকজনে এজন মানুহৰ কুষ্ঠ ৰোগ সুস্থ কৰাৰ বাবে তেওঁক মোৰ ওচৰলৈ পঠাইছে? ইয়াতে বুজা গৈছে যে, তেওঁ মোৰ লগত কাজিয়া আৰম্ভ কৰিবলৈহে ছল কৰিছে।”


তেতিয়া তেওঁ ল’ৰাটিৰ ওপৰত তিনিবাৰ দীঘল হৈ পৰি যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে মোৰ ঈশ্বৰ যিহোৱা, মই বিনয় কৰোঁ, এই ল’ৰাটিৰ ভিতৰলৈ পুনৰায় প্ৰাণ ঘূৰাই আনক।”


আত্মাইহে জীৱন দিয়ে। মাংস একো উপকাৰত নাহে; মই তোমালোকক যিবোৰ কথা কৈছোঁ, সেই কথাই আত্মা আৰু জীৱন।


এইদৰে লিখাও আছে, “প্ৰথম মানুহ আদম জীৱনময় প্ৰাণী হ’ল; কিন্তু শেষৰ আদম জীৱনদায়ক আত্মা হল”।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন