22 তাৰ পাছত যীচু আৰু তেওঁৰ শিষ্য সকল যিহুদীয়া প্রদেশলৈ গ’ল। তাত তেওঁ শিষ্য সকলৰ সৈতে কিছুদিন থাকি লোক সকলক বাপ্তিস্ম দি আছিল।
পাছত তেওঁলোকে যোহনৰ ওচৰলৈ গৈ ক’লে, “ৰব্বি, যৰ্দ্দন নদীৰ সিপাৰে যি জন লোক আপোনাৰ লগত আছিল আৰু যি জনৰ বিষয়ে আপুনি সাক্ষ্য দিছিলে, চাওক, তেওঁ বাপ্তিস্ম দি আছে। আৰু সকলো মানুহ তেওঁৰ ওচৰলৈ গৈ আছে।”
সেই কাৰণতে যীচুৰ ভায়েকহঁতে তেওঁক ক’লে, “তুমি যি যি কাম কৰিছা, সেইবোৰ তোমাৰ শিষ্য সকলে দেখা পাবৰ বাবে তুমিও এই ঠাই এৰি যিহুদীয়ালৈ যোৱা৷
ইহুদী সকলৰ নিস্তাৰ-পৰ্ব পালনৰ সময় ওচৰ হোৱাত যীচু যিৰূচালেমলৈ গ’ল।
সেই বিয়ালৈ যীচু আৰু তেওঁৰ শিষ্য সকলকো নিমন্ত্ৰণ কৰা হৈছিল।
যোহনেও চালীম নামৰ গাওঁ খনৰ ওচৰতে থকা ঐনোন নামৰ ঠাই খনত বহুত পানী থকাৰ কাৰণে তাতে বাপ্তিস্ম দি আছিল আৰু লোক সকলেও তেওঁৰ ওচৰলৈ আহি বাপ্তিস্ম লৈছিল।