6 সেই ঠাইতে ইহুদী সকলৰ ৰীতি অনুসাৰে শুচি হবৰ কাৰণে পাথৰৰ ছয়টা পানী থোৱা শিলৰ পাত্র আছিল। সেইবোৰৰ প্রত্যেকতে প্ৰায় আশীৰ পৰা এশ বিশ লিটাৰ পানী ধৰে।
তেওঁ ক’লে, ‘এশ মোন তেল৷’ ঘৰগিৰীয়ে তেওঁক ক’লে, ‘তোমাৰ তালিকা পত্ৰ খন লোৱা আৰু ইয়াতে সোনকালে পঞ্চাশ লিখা৷’
যীচুৱে দাসবোৰক ক’লে, “এই পাত্রকেইটাত পানী ভৰাই দিয়া।” দাসবোৰে তেতিয়া সেই পাত্রকেইটাৰ কাণলৈকে পূৰ্ণ কৰি পানী ভৰাই দিলে।
সেই সময়ত ইহুদী ৰীতি অনুসাৰে শুচি হোৱাৰ বিষয়টো লৈ যোহনৰ কেইজনমান শিষ্য আৰু এজন ইহুদী মানুহৰ মাজত তর্ক-বিতর্কৰ সৃষ্টি হ’ল।
মণ্ডলী যেন পবিত্ৰ হয়, তাৰ বাবে তেওঁ আমাক বাক্যৰূপ জলস্নানত ধুই শুচি কৰিলে।
সেয়েহে আহক, আমাৰ হৃদয় কু-বিবেকৰ পৰা নিৰ্মল কৰা হোৱাত, সত্য হৃদয়ৰ সহিত সম্পূর্ণ নিশ্চয়তাযুক্ত বিশ্বাসেৰে ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁহক,
নানা বাপ্তিস্ম আৰু হাত দিয়াৰ বিষয়ে শিক্ষা, মৃত লোকৰ পুনৰুত্থান আৰু স্থায়ী অনন্ত দণ্ডৰ বিষয়ে নতুনকৈ ভিত্তিমূল স্থাপন নকৰোঁ।
এইবোৰ কেৱল আহাৰ, পানীয় আৰু নানা বিধ বাহ্যিক শুচিতাৰ স্নান; এই সকলো নতুন আদেশ নহালৈকে মাংসিক ধর্ম-বিধি মাত্ৰ৷
সকলো লোকৰ ওচৰত বিধানৰ প্ৰতিটো আদেশ ঘোষণা কৰাৰ পাছত মোচিয়ে দামুৰি আৰু ছাগৰ তেজ লৈ তাৰ লগত পানী মিহলাই উজ্বল ৰঙা বৰণীয়া মেষৰ নোম আৰু এচোব বনেৰে সৈতে বিধান পুস্তক আৰু সকলো মানুহৰ ওপৰত চতিয়াই দিছিল৷