15 তেতিয়া চিমোন পিতৰ আৰু আন এজন শিষ্য যীচুৰ পাছে পাছে গ’ল। সেই শিষ্যৰ মহা-পুৰোহিতৰ সৈতে চিনাকি থকা বাবে যীচুৰে সৈতে মহা-পুৰোহিতৰ চোতাললৈ সোমাই গ’ল।
তেতিয়া প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰক সকল কায়াফা নামেৰে মহা-পুৰোহিতৰ চোতালত গোট খালে;
আৰু তেতিয়াই পিতৰে আতৰে আতৰে যীচুৰ পাছে পাছে মহা-পুৰোহিতৰ চোতালৰ ভিতৰলৈকে সোমাল৷ তাতে নিজকে উম দিবলৈ পহৰা দি থকা টেকেলা সকলৰ মাজত বহি, জুই পুৱাই আছিল।
পাছত তেওঁলোকে তেওঁক ধৰি নিলে, আৰু মহা-পুৰোহিতৰ ঘৰলৈ লৈ গ’ল; কিন্তু পিতৰে এক দূৰত্ব ৰাখি পাছে পাছে গ’ল।
তাৰ পাছত হাননে যীচুক, মহা-পুৰোহিত কায়াফাৰ ওচৰলৈ পঠাই দিলে, যীচুক তেতিয়া বান্ধি থোৱা আছিল।
ইয়াৰ পাছত তেওঁলোকে যীচুক কায়াফাৰ ঘৰৰ পৰা প্ৰিটৰিয়মলৈ লৈ গ’ল; তেতিয়া সময় ৰাতিপুৱা আছিল; তেওঁলোকে নিজেই প্ৰিটৰিয়ামৰ ভিতৰত সোমাবলৈ মন নকৰিলে, জানোছা তেওঁলোক অশুচি হৈ পৰে, কিয়নো তেওঁলোকে নিস্তাৰ-পৰ্বৰ ভোজ খাবলৈ আশা কৰি আছিল৷