8 পিতৰে তেওঁক ক’লে “আপুনি মোৰ ভৰি কেতিয়াও নুধুৱাব।” যীচুৱে উত্তৰ দিলে, “যদি তোমাৰ ভৰি নুধুৱাওঁ, তেনেহলে মোৰে সৈতে তোমাৰ একো সম্পর্ক নাই।”
তেতিয়া যাকোবে ক’লে, “নহয়, মোৰ পুত্ৰ তোমালোকৰ লগত নাযায়; কিয়নো তাৰ ককায়েক মৰিল আৰু এতিয়া সি অকলে আছে; তোমালোকৰ যাত্রাপথত যদিহে তালৈ কিবা আপদ ঘটে, তেন্তে এই পকা চুলিৰে সৈতে দুখ দি মোক চিয়োললৈহে পঠাবা।”
সেই সময়ত সেই ঠাইতে বিন্যামীনীয়া বিখ্ৰীৰ পুত্ৰ চেবা নামেৰে এজন অশান্তি কৰোঁতা লোক আছিল৷ তেওঁ শিঙা বজাই ক’লে, “দায়ূদত আমাৰ কোনো ভাগ নাই আৰু যিচয়ৰ পুত্ৰত আমাৰ একো উত্তৰাধধিকাৰো নাই৷ হে ইস্ৰায়েল, আপোনালোক প্ৰতিজনে নিজ নিজ ঘৰলৈ ঘূৰি যাওঁক।”
যেতিয়া গোটেই ইস্ৰায়েলে দেখিলে যে ৰজাই তেওঁলোকৰ কথালৈ কাণ দিয়া নাই, তেতিয়া তেওঁলোকে ৰজাক উত্তৰ দি ক’লে, “দায়ুদত আমাৰ কি ভাগ আছে? যিচয়ৰ পুত্ৰত আমাৰ কোনো অধিকাৰ নাই! হে ইস্ৰায়েল নিজ নিজ তম্বুলৈ গুচি যোৱা! হে দায়ুদ এতিয়া তুমি নিজ বংশলৈ চোৱা।” তেতিয়া ইস্ৰায়েলে নিজ নিজ তম্বুলৈ গুচি গ’ল।
মোৰ সকলো অধৰ্ম তুমি ধুই পেলোৱা; মোৰ পাপৰ পৰা মোক শুচি কৰা।
এচোব বনেৰে তুমি মোক পবিত্র কৰা আৰু মই শুচি হ’ম; মোক ধোৱা, তাতে মই হিমতকৈয়ো বগা হ’ম।
ন্যায়ৰ আত্মাৰ দ্বাৰাই আৰু জ্বলি থকা জুইৰ আত্মাৰ দ্বাৰাই প্ৰভুৱে যেতিয়া চিয়োন জীয়াৰীসকলৰ কলুষ ধুই পেলাব, আৰু যিৰূচালেমৰ মাজৰ পৰা তেজৰ দাগ পৰিস্কাৰ কৰিব।
তেতিয়া মই তোমালোকৰ ওপৰত শুচি জল ছটিয়াম, তাতে তোমালোক শুচি হ’বা; মই তোমালোকৰ আটাই অশৌচৰ পৰা আৰু তোমালোকৰ আটাই মুৰ্ত্তিৰ পৰা তোমালোকক শুচি কৰিম।
“সেই দিনা পাপ আৰু অশুচিতা গুচাবলৈ দায়ুদ বংশৰ আৰু যিৰূচালেম-নিবাসীসকলৰ কাৰণে এক ভূমূক খোলা যাব।
তেতিয়া পিতৰে তেওঁক একাষলৈ নি অনুযোগ কৰি ক’লে “হে প্ৰভু, ই আপোনাৰ পৰা দূৰ হওক! আপোনাৰ প্ৰতি কেতিয়াও এনে নঘটক।”
তাতে সি পিতাকক উত্তৰ দিলে, ‘মই নাযাওঁ’; কিন্তু পাছত মনত অনুশোচনা কৰি গ’ল।
তেতিয়া পিতৰে তেওঁক ক’লে, “সকলোৱে আপোনাত বিঘিনি পাই আতৰি গলেও, মই কেতিয়াও নাযাও”।
পিতৰে তেওঁক ক’লে, “যদি আপোনাৰ লগত মই মৰিবও লাগে, তথাপি আপোনাক অস্বীকাৰ নকৰিম”। সেইদৰে সকলো শিষ্যয়ো ক’লে।
তাতে তেওঁ চিমোন পিতৰৰ ওচৰলৈ অহাত, পিতৰে তেওঁক ক’লে, “হে প্ৰভু আপুনি মোৰ ভৰি ধুৱাব নে?”
তেতিয়া চিমোন পিতৰে তেওঁক ক’লে, “হে প্ৰভু, মোৰ অকল ভৰি ধুই দিয়াই নহয়, কিন্তু মোৰ হাত আৰু মূৰো ধুৱাওক।”
যীচুৱে উত্তৰ দিলে, “মই আপোনাক সঁচাকৈয়ে কৈছোঁ, জল আৰু আত্মাৰ পৰা জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে।”
এতিয়া কিয় পলম কৰিছা? উঠা, তেওঁৰ নামত প্ৰাৰ্থনা কৰি বাপ্তাইজিত হৈ, নিজৰ পাপ ধুই পেলোৱা৷’
আপোনালোকো কোনো কোনো তেনেকুৱা লোক আছিল; কিন্তু এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আৰু ঈশ্বৰৰ আত্মাৰে আপোনালোক ধৌত হ’ল, পবিত্ৰীকৃত হ’ল, আৰু ধাৰ্মিক বুলি গণিত হ’ল।
মণ্ডলী যেন পবিত্ৰ হয়, তাৰ বাবে তেওঁ আমাক বাক্যৰূপ জলস্নানত ধুই শুচি কৰিলে।
সেই ঠাইত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আপোনালোকে, আপোনালোকৰ ল’ৰা-ছোৱালী, দাস-দাসী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত বাস কৰা লেবীয়া লোকসকল, যি সকলৰ নিজৰ বুলিবলৈ কোনো ভাগ বা আধিপত্য নাই, আপোনালোক সকলোৱেই আনন্দ কৰিব।
কোনো এজনকে প্ৰতাৰণাপূৰ্ণ নম্ৰতাৰ দ্বাৰা আৰু স্বৰ্গৰ দূত সকলক কৰা সেৱা-কাৰ্য্যৰ দ্বাৰা নিজকে বঁটাৰ পৰা অপহৃত হবলৈ নিদিবা৷ এনে লোক সকলে নানা দৰ্শনৰ কথাত প্ৰভাবিত কৰি নিজৰ মাংসময় মনৰ গৰ্বত বৃথা গর্বিত হয়।
এইবোৰ বিধান মানুহে বনোৱা ধৰ্মৰ জ্ঞান, আৰু নিজ ইচ্ছাৰ ভজনা, প্ৰতাৰণাপূৰ্ণ নম্ৰতা আৰু শাৰীৰিক দুখ দিয়া, কিন্তু এইবোৰ মাংসৰ অভিলাষ দমন কৰিবলৈ সাৰ্থক নহয়।
তেতিয়া আমাৰ ধাৰ্মিকতাৰ কাৰণে নহয়, কিন্তু তেওঁ নিজ দয়া অনুসাৰে নতুন জন্মৰ স্নান আৰু পবিত্ৰ আত্মাই নতুন কৰাৰ দ্বাৰাই আমাৰ পৰিত্ৰাণ কৰিলে৷
সেয়েহে আহক, আমাৰ হৃদয় কু-বিবেকৰ পৰা নিৰ্মল কৰা হোৱাত, সত্য হৃদয়ৰ সহিত সম্পূর্ণ নিশ্চয়তাযুক্ত বিশ্বাসেৰে ঈশ্বৰৰ ওচৰলৈ চাপি যাওঁহক,
আৰু যীচু খ্রীষ্টৰ পৰা, যি জন বিশ্বাসযোগ্য সাক্ষী, মৃত সকলৰ মাজত প্রথমে জন্ম পোৱা আৰু পৃথিৱীৰ ৰজা সকলৰ অধিকাৰী; যি জনে আমাক প্রেম কৰে আৰু নিজৰ তেজেৰে আমাক পাপৰ পৰা মুক্ত কৰিলে, অৰ্থাৎ মৃত সকলৰ মাজৰ প্ৰথমজাত আৰু পৃথিৱীৰ ৰজা সকলৰ অধিপতি, সেই জন যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক,
তেতিয়া মই তেওঁক ক’লো, “হে মোৰ প্ৰভু, আপুনি জানে”। তেতিয়া তেওঁ মোক ক’লে, “এওঁলোক সেই মহা-ক্লেশৰ পৰা অহা লোক; এওঁলোকে মেৰ-পোৱালিৰ তেজেৰে নিজ বস্ত্ৰ ধুই বগা কৰিলে।