Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যোহন 13:36 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

36 চিমোন পিতৰে তেওঁক সুধিলে, “হে প্ৰভু, আপুনি ক’লৈ যায়?” যীচুৱে উত্তৰ দি ক’লে, “মই য’লৈ যাওঁ, তালৈ তুমি এতিয়া মোৰ পাছে পাছে আহিব নোৱাৰা; কিন্তু পাছত তুমি মোৰ পাছে পাছে আহিবা।”

অধ্যায়টো চাওক কপি কৰক




যোহন 13:36
8 পৰস্পৰ সংযোগসমূহ  

কিয়নো মই জানো যে, শীঘ্রেই মই মোৰ তম্বু গুচাম; আমাৰ প্রভু যীচু খ্রীষ্টই ইয়াকে মোক জনালে।


মোৰ প্ৰিয় সন্তান সকল, তোমালোকৰ লগত মই অলপ সময়হে আছোঁ। তোমালোকে মোক বিচাৰিবা; কিন্তু ইহুদী সকলক যেনেকৈ কৈছিলোঁ যে, ‘মই যি ঠাইলৈ যাওঁ, সেই ঠাইলৈ তোমালোকে যাব নোৱাৰা’, তেনেকৈ এতিয়া তোমালোককো কৈছোঁ।


তেতিয়া তেওঁৰ শিষ্য সকলৰ মাজৰ কোনো কোনোৱে পৰস্পৰৰ মাজত আলোচনা কৰি ক’লে, “তেওঁ আমাক কি কবলৈ বিচাৰিছে, কিছু সময়ৰ পাছত মোক দেখিবলৈ নোপোৱা; কিন্তু আকৌ অলপ সময়ৰ পাছত মোক দেখিবলৈ পাবা; ‘কাৰণ মই পিতৃৰ ওচৰলৈ যাওঁ’? তেওঁ এই কথা কিয় কলে আমি বুজি পোৱা নাই৷”


মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে; আৰু নথকা হ’লে তোমালোকক ক’লোহেঁতেন; কিয়নো মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ।


কিন্তু যি জনে মোক পঠিয়াইছে, এতিয়া মই তেওঁৰ ওচৰলৈ ঘুৰি যাওঁ; তথাপি তোমালোকৰ কোনেও মোক এইদৰে সুধিব নিবিচৰা, ‘তুমি নো কলৈ গৈ আছা’?


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন