Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যোহন 12:35 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

35 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ মাজত এতিয়াও অলপ কাল পোহৰ আছে। যেতিয়ালৈকে পোহৰ আছে, আগবাঢ়ি থাকা; যাতে আন্ধাৰে তোমালোকক পাছ নেপেলাই। যি জন আন্ধাৰত ফুৰে, তেওঁ ক’লৈ যায় সেই বিষয়ে নাজানে।

অধ্যায়টো চাওক কপি কৰক




যোহন 12:35
27 পৰস্পৰ সংযোগসমূহ  

মই এই জগতলৈ পোহৰ হৈ আহিছোঁ, গতিকে যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ যেন আন্ধাৰত নাথাকে।


কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা; কিন্তু আকৌ অলপ সময়ৰ পাছত, মোক দেখিবলৈ পাবা।”


কিয়নো পূর্বতে আপোনালোক যদিও আন্ধাৰত আছিল কিন্তু এতিয়া প্ৰভুত সংযুক্ত হৈ পোহৰত আছে। সেয়ে পোহৰৰ সন্তান সকলৰ দৰে জীৱন-যাপন কৰক।


ইয়াৰ পাছত যীচুৱে আকৌ লোক সকলৰ লগত কথা কবলৈ ধৰিলে, “মই জগতৰ পোহৰ; যি জন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব।”


কিন্তু কোনোৱে যদি ৰাতি ফুৰে, তেনেহলে তেওঁ উজুটি খায়; কিয়নো পোহৰ তেওঁৰ মাজত নাই।”


যেতিয়ালৈ পোহৰ আছে, তেতিয়ালৈকে পোহৰৰ ওপৰত বিশ্বাস ৰাখা; যাতে তোমালোক পোহৰৰ সন্তান হোৱা।” যীচুৱে এই সকলো কথা কৈ তেওঁলোকৰ ওচৰৰ পৰা গৈ নিজক লুকুৱালে।


যীচুৱে ক’লে, “মই অলপ কালহে আপোনালোকৰ লগত আছোঁ। তাৰ পাছত যি জনে মোক পঠিয়াইছে, মই তেওঁৰ ওচৰলৈ যাম।


হে যাকোবৰ বংশ আহাঁ, যিহোৱাৰ পোহৰত চলি যাওঁহঁক।


কিন্তু তেওঁলোকৰ মন কঠিন কৰা হ’ল৷ কিয়নো যেতিয়া পুৰণি বিধান পঢ়া হয়, তেতিয়া তেওঁলোকে আজিও সেই একে ওৰণি লয়। সেই ওৰণি এতিয়াও আতৰাই দিয়া হোৱা নাই, কাৰণ একমাত্র খ্রীষ্টৰ যোগেদিহে সেয়া সম্ভৱ হ’ল।


দুষ্টবোৰৰ পথ অন্ধকাৰৰ নিচিনা; সিহঁতে কিহত উজুতি খায় তাক নাজানে।


এই কাৰণে তেওঁলোকৰ পথ তেওঁলোকৰ কাৰণে অন্ধকাৰত থকা পিছল ঠাইৰ নিচিনা হব; তেওঁলোকে খেদা খাই তাৰ পৰা পতিত হব; কিয়নো যিহোৱাই কৈছে, মই তেওঁলোকৰ ওপৰতে অমঙ্গল ঘটাম, এনে কি, তেওঁলোকক দণ্ড দিয়াৰ বছৰ উপস্থিত কৰোৱাম।


যীচুৱে উত্তৰ দিলে, “দিনটোত বাৰ ঘণ্টা পোহৰ হৈ নাথাকে জানো? কোনোৱে যদি দিনত ফুৰে, তেনেহলে তেওঁ উজুটি নাখায়; কিয়নো তেওঁ এই জগতৰ পোহৰ দেখে।


এই হেতুকে আহক, সুযোগ পালে সকলোৰে বাবে, বিশেষকৈ পৰিয়াল স্বৰূপ বিশ্বাস কৰা লোক সকলৰ বাবে উত্তম কৰ্ম কৰোঁ আহক।


তেতিয়া তেওঁলোকে তেওঁক ক’লে, “নাচৰতীয়া যীচু এই বাটেদি গৈ আছে।”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন