Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যোহন 11:53 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

53 সেইদিনা খনৰ পৰা তেওঁলোকে যীচুক বধ কৰিবলৈ ষড়যন্ত্র কৰিবলৈ ধৰিলে।

অধ্যায়টো চাওক কপি কৰক




যোহন 11:53
22 পৰস্পৰ সংযোগসমূহ  

যোচেফক ককায়েকসকলে দূৰৰ পৰাই দেখা পালে আৰু তেওঁলোকৰ ওচৰলৈ আহি পোৱাৰ আগেয়েই, তেওঁক বধ কৰাৰ ষড়যন্ত্র কৰিলে।


কিন্তু মই তেওঁলোকক সাৱধান কৰিলোঁ, “আপোনালোকে কিয় দেৱালৰ বাহিৰত তম্বু তৰিছে? যদি আপোনালোকে এইদৰে পুনৰ কৰে, তেনেহলে মই আপোনালোকক শাস্তি দিম!” সেই সময়ৰ পৰাই তেওঁলোক বিশ্ৰাম-বাৰে অহা নাছিল।


মুখ্য লোকসকলে যেতিয়া যিহূদাৰ লোকসকলৰ পাছফালে থিয় আছিল, তেতিয়াৰে পৰা মোৰ দাস সকলৰ মাজৰ আধা সংখ্যক লোকে কেৱল দেৱালৰ পুনৰ নিৰ্ম্মাণৰ কাম কৰিলে আৰু আধা সংখ্যক লোকে যাঠী, ঢাল, আৰু ধনু আৰু যুদ্ধৰ বস্ত্র পিন্ধি থাকিল।


এতিয়াৰ পৰা অনন্ত কাললৈকে যিহোৱাৰ নাম ধন্য হওক।


যিহোৱা আৰু তেওঁৰ অভিষিক্তজনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাসকল একেলগে থিয় হৈছে, শাসনকর্তাসকলে একেলগে গোপন ষড়যন্ত্র কৰিছে;


মোৰ সম্বন্ধে দিয়া অনেকৰ অপবাদ মোৰ কাণত পৰিছে, মোৰ চাৰিওফালে ভীষণ ভয় আছে। তেওঁলোকে মোৰ বিৰুদ্ধে একেলগে পৰামর্শ কৰিছে, মোৰ প্ৰাণ ল’বলৈ ষড়যন্ত্র কৰিছে।


কিয়নো মোৰ শত্ৰুবোৰে মোৰ বিষয়ে কথা পাতে; তেওঁলোকে মোৰ জীৱন অনুসন্ধান কৰি একেলগে আলোচনা কৰে।


তেতিয়া যিৰিমিয়াই চিদিকিয়াক ক’লে, “মই যদি আপোনাক জনাওঁ, তেন্তে আপুনি মোক অৱশ্যে বধ নকৰিব নে? আৰু যদি আপোনাক পৰামৰ্শ দিওঁ, তেন্তে আপুনি মোৰ কথা নুশুনিব।”


তাতে প্ৰধান লোকসকলে ৰজাক ক’লে, “আমি মিনতি কৰোঁ, এই মানুহৰ প্ৰাণ দণ্ড কৰিবলৈ আজ্ঞা দিয়ক; কিয়নো তেওঁ লোকসকলক এনেকুৱা কথা কৈ, এই নগৰৰ অৱশিষ্ট যুদ্ধাৰুসকলৰ আৰু আটাই প্ৰজাসকলৰ হাত দুৰ্ব্বল কৰিছে, কাৰণ এই মানুহে এই জাতিৰ মঙ্গললৈ চেষ্টা নকৰি, কেৱল অমঙ্গললৈ চেষ্টা কৰে।”


তেতিয়া ফৰীচী সকল বাহিৰলৈ ওলাই গ’ল আৰু যীচুক বধ কৰিবৰ কাৰণে তেওঁৰ বিৰুদ্ধে চক্রান্ত কৰিবলৈ ধৰিলে।


সেই সময়ৰ পৰা যীচুৱে তেওঁৰ শিষ্য সকলক জনাবলৈ ধৰিলে যে, তেওঁ অৱশ্যেই যিৰূচালেমলৈ যাব লাগিব, আৰু তাত পৰিচাৰক, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ পৰা অনেক দুখভোগ পাই মৃত্যুভোগ কৰি তিন দিনৰ দিনা পুনৰায় উঠিব লাগিব।


তেতিয়া কোনেও তেওঁক একো উত্তৰ দিব নোৱাৰিলে; আৰু সেই দিনাৰে পৰা তেওঁক কোনো কথা সুধিবলৈকো কাৰো সাহস নহ’ল।


তেওঁলোকে যীচুক ছলেৰে ধৰি বধ কৰিবলৈ আলোচনা কৰিলে৷


তেতিয়া প্ৰধান পুৰোহিত সকল আৰু গোটেই মহাসভাই যীচুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য বিচাৰিলে৷


নিস্তাৰ-পৰ্ব আৰু খমিৰ নোহোৱা পিঠাৰ পৰ্বলৈ দুদিন আছিল; এনে সময়ত প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে কেনেকৈ যীচুক গোপনে ধৰি বধ কৰিব পাৰে, সেই বিষয়ে উপায় বিচাৰিলে;


তেতিয়া ফৰীচী সকল বাহিৰলৈ ওলাই গৈ হেৰোদীয়া মানুহ সকলৰ সৈতে আলোচনা কৰিলে আৰু তেওঁক বিনষ্ট কৰিবৰ বাবে তেওঁৰ বিৰুদ্ধে মন্ত্রণা কৰিবলৈ ধৰিলে।


তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে একেলগে পৰিষদক লগত লৈ মহাসভা পাতি ক’লে, “আমি এতিয়া কি কৰিম? এই মানুহে দেখোন অনেক আচৰিত চিনৰ কার্য কৰিছে;


সেয়েহে প্ৰধান পুৰোহিত সকলে লাজাৰক বধ কৰিবলৈ চক্ৰান্ত কৰিব ধৰিলে;


তাৰ পাছত যীচুৱে গালীল প্রদেশৰ ভিন ভিন ঠাইত ঘূৰি ফুৰিলে। ইহুদী সকলে তেওঁক বধ কৰিবলৈ সুযোগ বিচাৰি থকা বাবে যীচুৱে যিহুদীয়া প্রদেশলৈ যাবলৈ ইচ্ছা নকৰিলে।


এই কথা শুনি মহাসভাৰ সভ্যসকল খঙত জ্বলি উঠিল আৰু পাঁচনি সকলক বধ কৰিবলৈ বিচাৰিলে।


এনেদৰে বহু দিনৰ পাছত ইহুদী সকলে তেওঁক বধ কৰিবলৈ চক্ৰান্ত কৰিলে৷


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন