Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যোহন 11:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

28 এই কথা কৈ, মার্থা তাৰ পৰা আতৰি গ’ল আৰু ভনীয়েক মৰিয়মক গুপুতে মাতি ক’লে, “গুৰু আহিল, আৰু তোমাক মাতিছে।”

অধ্যায়টো চাওক কপি কৰক




যোহন 11:28
19 পৰস্পৰ সংযোগসমূহ  

তোমালোকে যে মোক ‘গুৰু’ আৰু ‘প্ৰভু’ বুলি মাতিছা, সেয়া ঠিকেই কৰিছা; কিয়নো মই সেয়েই হওঁ।


এনেতে মাৰ্থাই যেতিয়া যীচু অাহিছে বুলি শুনিলে, তেতিয়া তেওঁৰ লগত দেখা কৰিবলৈ গ’ল; কিন্তু মৰিয়ম তেতিয়াও ঘৰতে বহি আছিল।


তেতিয়া যীচুৱে থমকি ৰৈ তেওঁক মাতি আনিবলৈ আজ্ঞা দিলে৷ তেতিয়া লোক সকলে সেই অন্ধক ক’লে- “ভয় নকৰিবা, উঠা! তেওঁ তোমাক মাতিছে।”


তেতিয়া যীচুৰ প্ৰিয় শিষ্যই পিতৰক ক’লে, “এৱেঁই প্ৰভু”। যেতিয়া চিমোন পিতৰে এই কথা শুনিলে যে, এৱেঁই ঈশ্বৰ, তেতিয়া তেওঁ গাত চোলা পিন্ধি নিজেই জাঁপ মাৰি সাগৰত পৰিল (কিয়নো তেওঁ সাধাৰণভাবে কাপোৰ পিন্ধি আছিল)।


যীচুৱে তেওঁক ক’লে, “অ’, মৰিয়ম৷” তেতিয়া মৰিয়মে মূখ ঘূৰাই ইব্ৰী ভাষাৰে ক’লে “ৰব্বুণি” ইয়াৰ অৰ্থ, ‘হে গুৰু৷’


দ্বাৰ-ৰক্ষকে মেৰৰখীয়াক দুৱাৰ মেলি দিয়ে। মেৰবোৰে তেওঁৰ মাত শুনে আৰু তেওঁ নিজৰ মেষবোৰক নাম ধৰি ধৰি মাতি বাহিৰলৈ লৈ যায়।


ফিলিপে পাছত নথনেলক দেখা পাই ক’লে, “মোচিয়ে বিধান-শাস্ত্রত যি জনৰ বিষয়ে লিখিছিল আৰু ভাৱবাদী সকলেও যি জনৰ বিষয়ে লিখিছে, আমি তেওঁক দেখা পালোঁ; তেওঁ নাচৰত নিবাসী যোচেফৰ পুতেক যীচু।”


তেওঁ প্ৰথমতে তেওঁৰ ককায়েক চিমোনক লগ পাই ক’লে, “আমি মচীহক অৰ্থাৎ খ্ৰীষ্টক দেখা পালোঁ।”


তেতিয়া ঘৰৰ গৰাকীক ক’বা, ‘গুৰুৱে তোমাক কবলৈ কৈছে, বোলে মই যি ঠাইত মোৰ শিষ্য সকলৰ সৈতে নিস্তাৰ-পৰ্বৰ ভোজ খাম, সেই আলহী-কোঠালি ক’ত আছে’?


আৰু তেওঁ যি ঘৰত সোমায়, সেই ঘৰৰ গৰাকীক ক’বা, ‘গুৰুৱে কৈছে, মই যি ঠাইত মোৰ শিষ্য সকলৰ সৈতে নিস্তাৰ-পৰ্বৰ ভোজ খাম, সেই আলহী-কোঠা ক’ত’?”


তেওঁ ক’লে, “নগৰলৈ গৈ নিৰ্দিষ্ট জনক কোৱাগৈ, গুৰুৱে কৈছে, মোৰ কাল ওচৰ হৈছে; মোৰ শিষ্য সকলে সৈতে মই তোমাৰ ঘৰত নিস্তাৰ-পৰ্বৰ ভোজ পালন কৰিম”।


বাহিনীসকলৰ যিহোৱাই কৈছে, ‘সেইদিনা প্ৰতিজনে নিজৰ ওচৰ-চুবুৰীয়াক নিজ নিজ দ্ৰাক্ষালতাৰ ডালৰ ওচৰলৈ আৰু ডিমৰু গছজোপাৰ তললৈ নিমন্ত্ৰণ কৰিবা।


এই কাৰণে আপোনালোকে ওলমি পৰা হাত আৰু জঠৰ আঁঠু পোন কৰক;


এতেকে আপোনালোকে এতিয়া যেনেকৈ আছে, তেনেকৈয়ে পৰস্পৰে সান্ত্বনা দি থাকক আৰু এজনে আন জনক গঢ় দি তোলক।


মৰিয়মে তাকে শুনি ততাতৈয়াকৈ উঠি তেওঁৰ ওচৰলৈ গ’ল।


যীচুৱে তেতিয়াও গাঁৱৰ মাজত প্রৱেশ কৰা নাছিল। মাৰ্থাই যি ঠাইত তেওঁৰ লগত দেখা কৰিবলৈ আহিছিল, তেওঁ সেই ঠাইতে আছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন