3 তেতিয়া যোনাই যিহোৱাৰ কথা অনুসাৰে নীনবিলৈ গ’ল। নীনবি এখন অতি ডাঙৰ নগৰ আছিল; গোটেই নগৰখন ঘূৰিবলৈ তিনি দিনৰ সময় লাগে।
তাৰ ছাঁয়াত পাহাৰ-পৰ্ব্বতবোৰ ঢাক খাই গ’ল; তাৰ ডালবোৰে বৃহৎ এৰচ গছবোৰ ঢাকি পেলালে;
সেয়ে, অব্ৰাহামে ৰাতিপুৱাতে উঠি নিজৰ গাধৰ পিঠিত আসন সজালে। তাৰ পাছত পুত্র ইচহাক আৰু দুজন যুবক দাসকো লগত ল’লে। তেওঁ হোমবলি উৎসর্গৰ কাৰণে কাঠো কাটি ল’লে আৰু ঈশ্বৰে যি ঠাইৰ কথা তেওঁক কৈছিল সেই ঠাইলৈ যাত্ৰা কৰিলে।
তোমাৰ ধাৰ্মিকতা পৰাক্রমী পৰ্ব্বতসমূহৰ নিচিনা; তোমাৰ শাসন প্ৰণালীবোৰ যেন গভীৰ মহাসাগৰৰ নিচিনা। হে যিহোৱা, তুমি মনুষ্য আৰু পশু সকলোকে ৰক্ষা কৰোঁতা।
তেতিয়া ৰাহেলে ক’লে, “মই মোৰ বাইদেউৰ সৈতে মালযুদ্ধ কৰি জয়ী থ’লো।” সেয়ে তেওঁ ল’ৰাটিৰ নাম নপ্তালী থলে।
একমাত্ৰ লূকহে মোৰ লগত আছে। তুমি মাৰ্কক লগত লৈ আহিবা; কিয়নো পৰিচর্যা কর্মত তেওঁ মোৰ বাবে উপকাৰী।
সেই বাবে অচূৰৰ ৰজা চনহেৰীবে ইস্রায়েল ত্যাগ কৰি ঘৰলৈ উভটি গৈ নীনবিত বাস কৰিলে।
“তুমি উঠা, মহানগৰ নীনবিলৈ গৈ তাৰ বিৰুদ্ধে প্ৰচাৰ কৰা; কিয়নো সিহঁতৰ দুষ্টতা মোৰ ওচৰ আহি পালে।
কিন্তু যি নীনবিত সোঁহাত আৰু বাওঁহাতৰ মাজৰ প্ৰভেদ নজনা একলাখ বিশ হাজাৰতকৈও অধিক সন্তান আছে আৰু অনেক পশুও আছে; তেনেহ’লে মোৰ জানো সেই মহানগৰ নীনবিলৈ দয়া নালাগিব?”