11 তেতিয়া তেওঁলোকে যোনাক সুধিলে, “এতিয়া আমাৰ বাবে সমুদ্র শান্ত হ’বলৈ আমি আপোনাক লৈ কি কৰিম?” কিয়নো সমুদ্ৰত তেতিয়া ধুমুহা ক্রমে তীব্রতৰ হ’বলৈ ধৰিছিল।
যোনাই যে যিহোৱাৰ সন্মুখৰ পৰা পলাই আহিছে, তেতিয়া লোকসকলে সেই বিষয়ে জানিব পাৰিলে; কিয়নো তেওঁ সেই কথা তেওঁলোকক জনালে। তেতিয়া লোকসকলে অধিককৈ ভয় খাই তেওঁক সুধিলে, “আপুনি এয়া কি কৰিলে?”
তেতিয়া যোনাই তেওঁলোকক ক’লে, “মোক দাঙি সমুদ্ৰত পেলাই দিয়ক, তেতিয়া আপোনালোকৰ বাবে সাগৰ শান্ত হ’ব; কিয়নো মই জানো যে, মোৰ কাৰণেহে আপোনালোকৰ ওপৰলৈ এই প্রবল ধুমুহা আহিছে।”