Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিৰি 9:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 তথাপি হে মহিলাসকল, যিহোৱাৰ বাক্য শুনা: আৰু তোমালোকৰ কাৰণে তেওঁৰ মুখৰ বাক্য মনোযোগেৰে গ্ৰহণ কৰা। আৰু তোমালোকে নিজ নিজ জীয়েৰাসকলক হাহাঁকাৰ কৰিবলৈ শিক্ষা দিয়া, আৰু তোমালোক প্ৰত্যেকে নিজ নিজ ওচৰ-চুবুৰীয়াক বিলাপ কৰিবলৈ শিকোৱা।

অধ্যায়টো চাওক কপি কৰক




যিৰি 9:20
15 পৰস্পৰ সংযোগসমূহ  

তেওঁৰ মুখৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা, আৰু তেওঁৰ বাক্যবোৰ তোমাৰ হৃদয়ত ৰাখা।


যিহোৱাই কৈছে যে, চিয়োনৰ জীয়াৰীসকল অহংকাৰী, আৰু নিজৰ মুৰ দাঙি অহঙ্কাৰেৰে খোজ কাঢ়ে, আৰু তেওঁলোকে চকুৰে প্রেমৰ অভিনয় কৰে, তেওঁলোকে কৃত্রিম ভংগীত খোজ দিয়ে, আৰু ভৰিৰে মৃদু শব্দ কৰে।


“মই কেৱল যুৱকসকলক তেওঁলোকৰ অধিপতি নিযুক্ত কৰিম, আৰু যুৱকসকলে তেওঁলোকৰ ওপৰত শাসন কৰিব।


আৰু তেওঁলোকে যি জাতিৰ আগত ভাববাণী প্ৰচাৰ কৰে, আকাল আৰু তৰোৱালৰ কাৰণে যিৰূচালেমৰ আলিত তেওঁলোকক পেলাই দিয়া যাব, আৰু তেওঁলোকক, তেওঁলোকৰ স্ত্রীসকলক, লৰা-ছোৱাৰীসকলক মৈদাম দিওঁতা কোনো নহ’ব, কিয়নো মই তেওঁলোকৰ দুষ্টতাৰ ফল তেওঁলোকৰ ওপৰত ঢালি দিম।


বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীবোৰৰ বাক্য নুশুনিবা। তেওঁলোকে তোমালোকক অসাৰতা শিকায়! আৰু যিহোৱাৰ মুখৰ পৰা নোহোৱা নিজ নিজ মনৰ দৰ্শনৰ কথা কয়।’


সপোন দেখা ভাববাদীয়ে সপোনৰ কথা কওঁক, আৰু মোৰ বাক্য পোৱা জনে মোৰ বাক্য বিশ্বাসেৰে কওঁক; যিহোৱাই কৈছে, ধানৰ মাজত খেৰ কি?


এই হেতুকে মই যিহোৱাৰ ক্ৰোধেৰে পৰিপূৰ্ণ হৈছোঁ; মই তাক আটক কৰি ৰাখিবলৈ ক্লান্ত হৈছোঁ। আলিত শিশুসকলৰ ওপৰত, আৰু ডেকাসকলৰ সভাৰ ওপৰত তাক একেবাৰে ঢালি দিয়া। কিয়নো ভাৰ্য্যাৰে সৈতে স্বামী, সম্পূৰ্ণ আয়ুসপ্ৰাপ্ত লোকৰ সৈতে বৃদ্ধ, সকলোকে ধৰা যাব।


হে যিৰূচালেম তোমাৰ চুলি কাটি পেলাই দিয়া; আৰু গছ-শূন্য পৰ্ব্বতবোৰত উঠি বিলাপ কৰা। কিয়নো যিহোৱাই নিজ ক্ৰোধৰ পাত্ৰ এই বংশক অগ্ৰাহ্য কৰিলে, পৰিত্যাগ কৰিলে।


তেওঁলোকে ভালপোৱা, সেৱা কৰা, পাছত চলা, বিচাৰা আৰু প্ৰণিপাত কৰা সূৰ্য চন্দ্ৰ আদি আকাশ-মণ্ডলৰ আটাই বাহিনীৰ আগত তেওঁলোকে সেই হাড়বোৰ মেলিব; সেইবোৰক গোটোৱা বা পাতা নহ’ব, সেইবোৰ মাটিৰ ওপৰত সাৰস্বৰূপ হৈ থাকিব।


সেই সকলো বুজিব পৰা কোন জ্ঞানী লোক আছে? আৰু তাক প্ৰকাশ কৰিবৰ বাবে যিহোৱাই যাৰ আগত নিজ মুখে কৈছিল? এনে কোন মানুহ আছে? এই দেশৰ মাজেদি কোনেও যাব নোৱাৰাকৈ এয়ে কিয় বিনষ্ট আৰু মৰুভুমিৰ নিচিনা দগ্ধ হল?


উঠা আৰু প্ৰত্যেক প্ৰহৰৰ আৰম্ভণতে ৰাতি চিঞৰি কান্দা প্ৰভুৰ আগত তোমাৰ হৃদয় পানীৰ দৰে ঢালি দিয়া। তোমাৰ যি শিশুসকলক প্ৰত্যেক আলিৰ মূৰত ভোকত মূৰ্চ্ছিত হৈছে, তেওঁলোকৰ প্ৰাণৰক্ষাৰ অৰ্থে তেওঁলৈ হাত তোলা।”


ডেকা আৰু বুঢ়া লোক, আলিবাটৰ মাটিত পৰি আছে। মোৰ যুৱতী আৰু যুৱকসকল তৰোৱালৰ দ্বাৰাই পতিত হৈছে। তুমি তোমাৰ ক্ৰোধৰ দিনাত তেওঁলোকক বধ কৰিলা; তুমি দয়া নকৰি হত্যা কৰিলা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন