Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিৰি 8:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 মোৰ জাতিস্বৰূপা জীয়াৰীৰ আঘাতৰ কাৰণে মই অতিশয় আঘাতিত হৈছোঁ, মই শোক কৰিছোঁ, বিচুৰ্ত্তি খাইছোঁ।

অধ্যায়টো চাওক কপি কৰক




যিৰি 8:21
14 পৰস্পৰ সংযোগসমূহ  

মই ৰজাক ক’লোঁ, “মহাৰাজ চিৰজীৱি হওক! মোৰ মুখ কিয় মলিন নহ’ব? যিহেতু মোৰ পিতৃসকলৰ মৈদামৰ ঠাই উছন্ন কৰা হ’ল আৰু সেই ঠাইৰ দুৱাৰবোৰ জুইৰে পুৰি ধংস কৰা হ’ল।


তুমি তেওঁলোকক এই কথা কোৱা, দিনে-ৰাতিয়ে মোৰ চকুৰ পৰা ধাৰেৰে পানী বৈ থাকক, নাথামক। কিয়নো মোৰ জাতিস্বৰূপা কুমাৰী জীয়াৰী মহা-আঘাতত, আৰু অত্যন্ত কষ্টদায়ক প্ৰহাৰত ভগ্ন হ’ল।


“যিহূদাক শোক কৰিবলৈ দিয়া; আৰু তাৰ বৰদুৱাৰ কেইখনে বিলাপ কৰ’ক। তেওঁলোকে ক’লা কাপোৰ পিন্ধি মাটিত বহিছে; আৰু যিৰূচালেমৰ চিঞঁৰ ওপৰলৈ উঠিছে।


মই হ’লে তোমাৰ পাছে পাছে মেৰ-ছাগ ৰখীয়া হ’বলৈ সততে বিমুখ হোৱা নাই, নাইবা দুখপূৰ্ণ দিনলৈ মই ইচ্ছা কৰা নাই। তাক তুমি জানি আছা; মোৰ ওঁঠৰ পৰা যি ওলাইছিল, সেয়ে তোমাৰ আগত আছিল।


হায় হায় মোৰ নাড়ী! মোৰ নাড়ী! মই অতিশয় শোক-পীড়িত হৈছোঁ; মোৰ অন্তৰত মই অতি বেদনা পাইছোঁ। মোৰ কলিজাৰ ধপধপনি অধিক হৈছে! কিন্তু মই নিৰৱে থাকিব নোৱাৰোঁ, কিয়নো যিহূদাৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ যে হ’ব, শত্রুৰ শিঙাৰ শব্দ আৰু যুদ্ধৰ ধ্বনি মই শুনিলো!


শস্য দোৱাৰ সময় অতীত হল; গুটি পৰিবৰ সময় শেষ হ’ল, কিন্তু আমি পৰিত্ৰাণ পোৱা নাই।


মোৰ মূৰ জলময়, আৰু মোৰ চকু দুটা চকু-লোৰ ভুমুকস্বৰূপ হোৱা হ’লে! কেনে ভাল আছিল, অহ, মোৰ জাতিস্বৰূপা জীয়াৰীৰ হত হোৱাসকলৰ বাবে দিনে ৰাতিয়ে ক্রন্দন কৰিব পাৰিলেহেঁতেন।


যিহোৱাৰ ক্ৰোধৰ দণ্ডৰ দ্বাৰাই দুখ ভোগ কৰা পুৰুষজন ময়েই।


সিহঁতৰ আগত জাতিবোৰে যাতনা পায়, আৰু সিহঁতৰ আটাইৰে মুখ বিবৰ্ণ হয়।


সেই নীনবি শুদা আৰু উচ্ছন্ন; প্রতিজনৰ ভয়ত মন পমি গৈছে আৰু আঁঠুৱে আঁঠুৱে লগালগি হৈছে, সকলোৰে বেদনা, আৰু সকলোৰে মুখ বিবৰ্ণ হৈছে।


পাছত যীচু ওচৰলৈ আহি যিৰূচালেম নগৰ দেখি শোকাতুৰ হৈ কান্দিলে


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন