29 ভাতীয়ে বৰকৈ তাও দিছে; সীহ জুইত নষ্ট হৈছে; লোকে মিছাকৈয়ে খপি থাকিছে; কিয়নো ভাঁজস্বৰূপ দুষ্টবোৰক বাহিৰ কৰা নাযায়।
ৰূপৰ কাৰণে ধাতু গলোৱা পাত্ৰ, আৰু সোণৰ কাৰণে ভাতী, কিন্তু যিহোৱাই হৃদয় শোধন কৰে।
যদিও মই ভাবো, মই মিছাকৈয়ে শ্ৰম কৰিলোঁ,মই অনৰ্থক ৰূপে মোৰ শক্তি নষ্ট কৰিলোঁ; তথাপিও মোৰ ন্যায় যিহোৱাৰ লগত আছে, আৰু মোৰ পুৰস্কাৰ ঈশ্বৰৰ সৈতে আছে।
এই হেতুকে যিহোৱাই এইদৰে কৈছে: তুমি যদি উলটি আহাঁ, তেন্তে মোৰ আগত থিয় হব পৰাকৈ মই তোমাক আকৌ আনিম। আৰু যদি অধম বস্তুৰ মাজৰ পৰা ৰত্ন বাহিৰ কৰি লোৱা, তেন্তে মোৰ মুখস্থৰূপ হ’বা; তেওঁলোক তোমালৈ ঘুৰি আহিব, কিন্তু তুমি তেওঁলোকলৈ নুঘুৰিবা।
এই হেতুকে বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: চোৱা, মই তেওঁলোকক গলাই পৰীক্ষা কৰিম আৰু নিৰীক্ষণ কৰিম; কিয়নো মোৰ জাতিস্বৰূপা জীয়াৰীৰ কাৰণে মই আন কি কৰিব পাৰোঁ?
সেয়ে মোক পৰিশ্ৰমেৰে ক্লান্ত কৰিলে, তথাপি তাৰ বৰ কঁহ তাৰ পৰা নুগুচে; সেয়ে তাক জুইত দিব লাগে।
তোমাৰ অশুচিতাত লজ্জাজনক আচৰণবোৰ আছে, কাৰণ মই তাক শুচি কৰিলোঁ, কিন্তু তোমাক শুচি কৰিবলৈ যত্ন কৰিলেও তুমি শুচি নোহোৱা। এই কাৰণে মই তোমাৰ ওপৰত মোৰ ক্ৰোধ মাৰ নিনিয়ালৈকে তুমি তোমাৰ অশুচিতাৰ পৰা আৰু শুচি নহ’বা।
মোৰ লোকসকল মোৰ পৰা ঘূৰি যাবলৈ স্থিৰ কৰিছে; যদিও তেওঁলোকে মোক অর্থাৎ অতি উর্দ্ধত থকা জনাক মাতিলেও, তেওঁ তেওঁলোকক মুঠেই উর্দ্ধত তুলি নলব।
আৰু সেই তৃতীয় ভাগক মই জুইত সুমুৱাই, ৰূপ খপাৰ দৰে খপিম আৰু সোণ পৰীক্ষা কৰাৰ দৰেপৰীক্ষা কৰিম। তেওঁলোকে মোৰ নামেৰে প্ৰাৰ্থনা কৰিব, আৰু মই তেওঁলোকক উত্তৰ দি ক’ম, ‘এয়ে মোৰ প্ৰজা!’ আৰু তেওঁলোকে ক’ব, ‘যিহোৱা মোৰ ঈশ্বৰ’।”
অাপোনালোকৰ এই বিশ্বাস পৰীক্ষাসিদ্ধ হ’ব লাগে, কিয়নো আপোনালোকৰ বিশ্ৱাস সোণতকৈও মূল্যবান। বিশ্ৱাসৰ পৰীক্ষাত যদি আপোনালোকৰ বিশ্বাস অটল দেখা যায়, তেনেহলে যীচু খ্ৰীষ্টৰ পুনৰাগমনৰ সময়ত অাপোনালোকে কিমান গৌৰৱ, প্ৰশংসা, মৰ্যদা পাব৷
হে প্ৰিয় লোক সকল, আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আপোনালোকৰ মাজত যি অগ্নিময় কষ্টৰ জুই জ্ৱলিছে, এইবোৰত আপোনালোকে বিস্মিত নহ’ব, কোনো অদ্ভুত বিষয় ঘটিছে বুলি মনত নাভাবিব৷
কিন্তু মীখাই মাকক সেই ৰূপ ওলোটাই দিলে, তাৰ মাকে তাৰে দুশ চেকল ৰূপ লৈ সোণাৰীক দিলে; তেতিয়া সোণাৰীয়ে এটা কটা মুৰ্ত্তি আৰু এটা সাঁচত ঢলা প্ৰতিমা সাজিলে, সেই মুৰ্ত্তি মীখাৰ ঘৰত ৰাখিলে।