15 আৰু নবুজৰদানৰ ৰক্ষক-সেনাপতিয়ে প্ৰজাবিলাকৰ কেতবিলাক দৰিদ্ৰ লোকক, নগৰৰ বাকী থকা লোকবিলাকক বাবিলৰ ৰজাৰ ফলীয়া হ’বলৈ পলাই যোৱাবিলাকক বন্দী কৰি লৈ গ’ল।
কিয়নো মই যুঁজৰ অৰ্থে যিৰূচালেমৰ অহিতে আটাই জাতিক গোটাম; তাতে নগৰখন আটক কৰা হ’ব! ঘৰবোৰ লুট কৰা হ’ব আৰু মহিলাসকলক বলাৎকাৰ কৰা হ’ব! নগৰখনৰ এভাগ লোক বন্দী অৱস্থালৈ ওলাই যাব, কিন্তু অৱশিষ্ট লোকসকলক নগৰখনৰ পৰা উচ্ছন্ন কৰা নহ’ব।
বেবিলনৰ ৰজা নবূখদনেচৰৰ ৰাজত্বৰ ঊন্নৈশ বছৰৰ পঞ্চম মাহৰ সপ্তম দিনা, বাবিলৰ ৰজা নবুখদনেচৰৰ ৰজাৰ এজন দাস দেহৰক্ষীৰ অধিনায়ক নবুজৰদান যিৰূচালেমলৈ আহিল।
নগৰত বাকী থকা লোকসকল আৰু যি সকল বেবিলনৰ ৰজাৰ পক্ষত গৈছিল, অৱশিষ্ট সাধাৰণ জনগণ আছিল, তেওঁলোক সকলোকে দেহৰক্ষীৰ অধিনায়ক নবুজৰদানে বন্দী কৰি লৈ গ’ল।
এই সময়ত নবুজৰদান ৰক্ষক-সেনাপতিয়ে নগৰৰ বাকী থকা লোকসকলক, তেওঁৰ ফলীয়া হবলৈ পলাই যোৱাসকলক আৰু আন আন অৱশিষ্ট লোকসকলক বন্দী কৰি বাবিললৈ লৈ গ’ল।
তুমি কোৱা, মই তোমালোকৰ পক্ষে চিনস্বৰূপ; মই কৰা নিচিনাকৈ তেওঁলোকলৈ কৰা হ’ব; তেওঁলোক দেশান্তৰলৈ বন্দী-অৱস্থালৈ যাব।
যোচিয়াৰ পুত্ৰ যিহূদাৰ যিহোয়াকীম ৰজাৰ শাসন কালত আৰু যোচিয়াৰ পুত্ৰ যিহূদাৰ চিদিকিয়া ৰজাৰ ৰাজত্ব কালৰ একাদশ বছৰৰ শেষলৈকে, তেওঁৰ ওচৰলৈ যিহোৱাৰ বাক্য আহি আছিল। এয়েই বছৰৰ পঞ্চম মাহ আছিল যেতিয়া যিৰূচালেমৰ লোকসকলক বাবিলনলৈ দেশান্ততৰ কৰি নিয়া হৈছিল।