Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিৰি 52:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 পাছে পঞ্চম মাহৰ দশম দিনা বাবিলৰ ৰজা নবূখদনেচৰৰ ৰাজত্বৰ ঊন্নৈশ বছৰৰ বছৰি বাবিলৰ ৰজাৰ আগত থিয় হওঁতা নবুজৰদান ৰক্ষক-সেনাপতিয়ে যিৰূচালেমলৈ আহি,

অধ্যায়টো চাওক কপি কৰক




যিৰি 52:12
16 পৰস্পৰ সংযোগসমূহ  

বেবিলনৰ ৰজা নবূখদনেচৰৰ ৰাজত্বৰ ঊন্নৈশ বছৰৰ পঞ্চম মাহৰ সপ্তম দিনা, বাবিলৰ ৰজা নবুখদনেচৰৰ ৰজাৰ এজন দাস দেহৰক্ষীৰ অধিনায়ক নবুজৰদান যিৰূচালেমলৈ আহিল।


“বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘চতুৰ্থ, পঞ্চম, সপ্তম আৰু দশম মাহৰ উপবাস যিহূদা-বংশৰ কাৰণে আনন্দ ও উল্লাসৰ বিষয় আৰু সন্তোষজনক উৎসৱ হ’ব! এই হেতুকে তোমালোকে সত্যক আৰু শান্তিক ভাল পোৱা!”


নবূখদনেচৰৰ ৰাজত্বৰ অষ্ঠাদশ বছৰত তেওঁ যিৰূচালেমৰ পৰা আঠশ বত্ৰিশ জনক দেশান্তৰ কৰি লৈ গ’ল;


এই সময়ত নবুজৰদান ৰক্ষক-সেনাপতিয়ে নগৰৰ বাকী থকা লোকসকলক, তেওঁৰ ফলীয়া হবলৈ পলাই যোৱাসকলক আৰু আন আন অৱশিষ্ট লোকসকলক বন্দী কৰি বাবিললৈ লৈ গ’ল।


যিহূদাৰ ৰজা যিহোয়াখীন, তেওঁৰ মাক, তেওঁৰ দাসবোৰ, তেওঁৰ ৰাজপুত্রসকল আৰু কৰ্মচাৰীসকল সকলোৱেই ৰজা নবুখদনেচৰৰ ওচৰলৈ ওলাই গ’ল। তাতে ৰজা নবুখদনেচৰৰ ৰাজত্বৰ আঠ বছৰত তেওঁ যিহোৱাখীমক বন্দী কৰি লৈ গ’ল।


আৰু সেই ৰক্ষক-সেনাপতিৰ লগত অহা কলদীয়াবিলাকৰ সকলো সৈন্যসামন্তই যিৰূচালেমৰ চাৰিওফালৰ আটাইবোৰ গড় ভাঙি পেলালে।


আনফালে, সেই মিদিয়নীয়াসকলে যোচেফক মিচৰ দেশলৈ লৈ গৈ পোটিফৰৰ ওচৰত বিক্রি কৰিলে। পোটিফৰ আছিল ফৰৌণ ৰজাৰ এজন বিষয়া, ৰক্ষকৰ প্রধান সেনাপতি।


সেয়ে, যেতিয়া আমাৰ পূৰ্বপুৰুষসকলে, স্বৰ্গৰ ঈশ্বৰৰ ক্ৰোধ প্রজ্বলিত কৰিছিল তেতিয়া বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত ঈশ্ৱৰে তেওঁলোকক শোধাই দিছিল আৰু ৰজা নবূখদনেচৰে এই গৃহ নষ্ট কৰিছিল আৰু লোকসকলক বাবিললৈ বন্দী কৰি লৈ গৈছিল।


মই ৰজাক ক’লোঁ, “মহাৰাজ চিৰজীৱি হওক! মোৰ মুখ কিয় মলিন নহ’ব? যিহেতু মোৰ পিতৃসকলৰ মৈদামৰ ঠাই উছন্ন কৰা হ’ল আৰু সেই ঠাইৰ দুৱাৰবোৰ জুইৰে পুৰি ধংস কৰা হ’ল।


হে ঈশ্বৰ, আন জাতিবোৰে আহি তোমাৰ আধিপত্যত সোমাল; তেওঁলোকে তোমাৰ পবিত্ৰ মন্দিৰ অশুচি কৰিলে; তেওঁলোকে যিৰূচালেমক ধ্বংসৰ স্তূপ কৰিলে।


যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্ব কালৰ তৃতীয় বছৰত, বাবিলৰ ৰজা নবূখদনেচৰ যিৰূচালেমলৈ আহিল, আৰু সকলো দিশৰ পৰা যোগান বন্ধ কৰিবলৈ নগৰখন বেৰি ধৰিলে।


যোচিয়াৰ পুত্ৰ যিহূদাৰ যিহোয়াকীম ৰজাৰ শাসন কালত আৰু যোচিয়াৰ পুত্ৰ যিহূদাৰ চিদিকিয়া ৰজাৰ ৰাজত্ব কালৰ একাদশ বছৰৰ শেষলৈকে, তেওঁৰ ওচৰলৈ যিহোৱাৰ বাক্য আহি আছিল। এয়েই বছৰৰ পঞ্চম মাহ আছিল যেতিয়া যিৰূচালেমৰ লোকসকলক বাবিলনলৈ দেশান্ততৰ কৰি নিয়া হৈছিল।


আৰু এই নগৰখনৰ বিৰুদ্ধে যি কলদীয়াসকলে যুদ্ধ কৰিছে, তেওঁলোকে আহি এই নগৰত জুই লগাই দিব, আৰু মোক উত্তেজিত কৰাৰ কাৰণে যি ঘৰবোৰৰ চালত লোকসকলে বালৰ উদ্দেশ্যে ধূপ উৎসৰ্গ কৰিছিল আৰু আন দেৱতাৰ উদ্দেশ্যে পেয় নৈবেদ্য ঢালিছিল, সেইবোৰ ঘৰে সৈতে এই সকলোবোৰ পুৰি পেলাব।


বাবিলৰ ৰজা নবূখদনেচৰে যিৰিমিয়াৰ বিষয়ে নবুজৰদান ৰক্ষক-সেনাপতিক এই আজ্ঞা দিলে, বোলে,


তাৰ পাছত বাবিলৰ জ্ঞানসম্পন্নতাৰ দ্বাৰাই পৰিচিত লোকসকলক বধ কৰিবলৈ ওলাই অহা ৰজাৰ দেহৰক্ষক সেনাপতি অৰিয়োকক দানিয়েলে সুবুদ্ধি আৰু বিবেচনাৰে উত্তৰ দিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন