Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




যিৰি 52:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 তাৰ বাহিৰে বাবিলৰ ৰজাই চিদিকিয়াৰ চকু কাঢ়ি, তেওঁক শিকলিৰে বান্ধি বাবিললৈ লৈ গ’ল, আৰু তেওঁ নমৰা দিনলৈকে তেওঁক বন্দীশালত বন্দী কৰি ৰাখিলে।

অধ্যায়টো চাওক কপি কৰক




যিৰি 52:11
7 পৰস্পৰ সংযোগসমূহ  

যিহোৱাই আৰু কৈছে, “তাৰ পাছত মই যিহূদাৰ ৰজা চিদিকিয়াক, তেওঁৰ পাত্ৰমন্ত্ৰীসকলক, আৰু প্ৰজাসকলক, এনে কি, মহামাৰী, তৰোৱাল আৰু আকালৰ পৰা এই নগৰত অৱশিষ্ট থকাসকলক বাবিলৰ ৰজা নবূখদনেচৰৰ, তেওঁলোকৰ শত্ৰূ, তেওঁলোকৰ প্ৰাণ বিচৰাবোৰৰ হাতত শোধাই দিম; তেওঁ তৰোৱালৰ ধাৰেৰে তাক বধ কৰিব, তেওঁলোকক কৃপা, ক্ষমা কি দয়া নকৰিব’।”


তাৰ বাহিৰে, তেওঁ চিদিকিয়াৰ চকু কাঢ়ি, তেওঁক বাবিললৈ লৈ যাবৰ কাৰণে শিকলিৰে বান্ধিলে।


তেওঁ নিজ তম্বু বাৰীৰ টঙি ধংস কৰাৰ দৰে ধংস কৰিলে আৰু নিজৰ সমাজ পতা ঠাই বিনষ্ট কৰিলে। যিহোৱাই চিয়োনত পৰ্ব্ব আৰু বিশ্ৰাম দিন পাহৰালে, কিয়নো তেওঁৰ প্ৰচণ্ড ক্ৰোধত ৰজা আৰু পুৰোহিতসকলক তেওঁ হেয়জ্ঞান কৰিলে।


মোৰ জালখন মই তেওঁৰ ওপৰত মেলিম দিম আৰু তেওঁ মোৰ ফান্দত পৰিব; আৰু মই তেওঁক কলদীয়াসকলৰ দেশলৈ অৰ্থাৎ বাবিললৈ লৈ যাম, তথাপি তেওঁ তাক নেদেখিব। অথচ তেওঁ তাতেই মৰিব।


‘মোৰ জীৱনৰ শপত, প্ৰভু যিহোৱাই কৈছে - যি ৰজাই তেওঁ নিজ থকা ঠাইত তেওঁক ৰজা পাতিলে, যাৰ শপত তেওঁ তুচ্ছ কৰিলে আৰু যাৰ নিয়মটি তেওঁ ভাঙিলে, বাবিলৰ মাজত তেওঁৰ তাতেই মৃত্যু হ’ব।


তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ, ৰথ, গাড়ী আৰু বিশাল লোক সকলে সৈতে তোমাৰ বিৰুদ্ধে আহিব! তেওঁলোকে ফৰ আৰু ঢাল লৈ আৰু শিৰোৰক্ষক টুপি পিন্ধি তোমাৰ অহিতে চাৰিওফালে বেহু পাতিব! মই তেওঁলোকৰ হাতত বিচাৰভাৰ সমৰ্পণ কৰিম; তেতিয়া তেওঁলোকে তেওঁলোকৰ বিচাৰ অনুসাৰে তোমাৰ বিচাৰ কৰিব!


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন