60 আৰু বাবিললৈ ঘটিব লগা সকলো অমঙ্গলৰ কথা, অৰ্থাৎ বাবিলৰ বিষয়ে লিখা এই আটাইবোৰ বাক্য যিৰিমিয়াই এখন পুথিত লিখিলে।
এতিয়া যোৱা, সেই কথা তেওঁলোকৰ সন্মুখত ফলিত লিখা, আৰু নুৰীয়া পুথিত তালিকাভুক্ত কৰা, ভবিষ্যতলৈ যাতে সাক্ষ্য হ’ব পাৰে সেই বাবে এই সমূহ সংৰক্ষিত কৰি ৰাখা।
তেতিয়া যিৰিমিয়াই আৰু এখন নুৰিওৱা পুথি লৈ নেৰিয়াৰ পুত্ৰ বাৰুক লিখকক দিলে। বাৰুকে যিহূদাৰ ৰজা যিহোয়াকীমে, যিৰিমিয়াৰ মুখৰ পৰা ওলোৱা সকলো বাক্য জুইত পুৰি পেলোৱা পুথিখনৰ সকলো বাক্য তাত লিখিলে। তাৰ বাহিৰে তেনেকুৱা আৰু অনেক কথাও তাত যোগ দিয়া হ’ল।
যিহোৱাই এই কথা কৈছে, চোৱা, মই বাবিলৰ আৰু লেব-কাময়-নিবাসী-বিলাকৰ বিৰুদ্ধে এক বিনাশক বতাহ বলোৱাম।
আৰু যিৰিমিয়াই চৰায়াক ক’লে, সাৱধান, তুমি বাবিল পালে এই সকলো কথা পাঠ কৰিবা,
কিন্তু হে দানিয়েল, তুমি শেষ কাললৈকে এই বাক্যবোৰ গোপনে ৰাখা আৰু এই পুস্তকত মোহৰ মাৰা। অনেক লোক ইফালে সিফালে দৌৰিব, আৰু জ্ঞান বৃদ্ধি হ’ব।”
তাতে তেওঁ ক’লে, “তুমি যি দৰ্শন পোৱা, সেইবোৰ পুথিৰ নুৰাত লিখি, ইফিচ, স্মুৰ্ণা, পৰ্গাম, থুয়াতীৰা, চাৰ্দ্দি, ফিলাদেলফিয়া আৰু লায়দিকেয়া, এই সাত মণ্ডলীলৈ পঠাই দিবা৷”
গতিকে তুমি কি দেখিলা, এতিয়া কি আছে আৰু ইয়াৰ পাছত এই ঠাইত কি ঘটিব, এই সকলোবোৰ লিখা।