32 আৰু এজন দূতে আন দূতৰ লগ পাইছে; আৰু পাৰ ঘাটবোৰ লৰোৱা হ’ল, নলবোৰ জুই লগাই পুৰিলে, আৰু যুদ্ধাৰুবিলাক বিহ্বল হ’ল।
যি জনাই অগাধ সমূদ্রক কয়, ‘শুকাই যা, আৰু মই তোৰ সোঁতবোৰ শুকুৱাম,
চোৱা, তেওঁলোক খেৰৰ দৰে হ’ব; তেওঁলোকক জুইয়ে পুৰি পেলাব, তেওঁলোকে অগ্নিশিখাৰ পৰা নিজৰ প্ৰাণ উদ্ধাৰ কৰিব নোৱাৰিব; সেয়ে উম লবলৈ, বা আগত বহি জুই ফুঁৱাবলৈ তাত কোনো আঙঠা নাথাকিব।
বাবিলৰ বীৰবিলাকে যুদ্ধ কৰিবলৈ এৰিছে, তেওঁবিলাকৰ দৃঢ় কোঁঠবোৰত থাকিছে; তেওঁবিলাকৰ শক্তি নাইকিয়া হ’ল; তেওঁবিলাক তিৰোতাৰ নিচিনা হ’ল, বাবিলৰ বাসস্থানবোৰত জুই লাগিল, তাৰ ডাংবোৰ ভাগিল।
বাবিলৰ ৰজাৰ নগৰ যে চাৰিওপিনে শত্ৰুৰ হাতত পৰিল, ইয়াকে তেওঁক জনাবৰ নিমিত্তে এটা ডাকৱালা লৰি গৈ আন ডাকৱালাৰ,
কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “বাবিল- জীয়াৰী শস্য মৰণা মৰা কালৰ খলাস্বৰূপ, আৰু অলপতে শস্য কাটিবৰ সময় তাইলৈ আহিব”।
সেই সময়ত নগৰৰ গড়ৰ কোনো এক ঠাই ভঙা হ’লত, সকলো যুদ্ধাৰু লোক পলাই ৰজাৰ উদ্যানৰ ওচৰত থকা গড় দুটাৰ মাজৰ দুৱাৰখনৰ বাটেদি নগৰৰ বাহিৰলৈ ৰাতিয়েই ওলাই গ’ল, তেতিয়া কলদীয়াবিলাক নগৰৰ বিৰুদ্ধে চাৰিওফালে আছিল আৰু তেওঁবিলাক অৰাবাৰ বাটেদি গ’ল।