Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিৰি 51:30 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

30 বাবিলৰ বীৰবিলাকে যুদ্ধ কৰিবলৈ এৰিছে, তেওঁবিলাকৰ দৃঢ় কোঁঠবোৰত থাকিছে; তেওঁবিলাকৰ শক্তি নাইকিয়া হ’ল; তেওঁবিলাক তিৰোতাৰ নিচিনা হ’ল, বাবিলৰ বাসস্থানবোৰত জুই লাগিল, তাৰ ডাংবোৰ ভাগিল।

অধ্যায়টো চাওক কপি কৰক




যিৰি 51:30
16 পৰস্পৰ সংযোগসমূহ  

চোৱা, তোমাৰ মাজত থকা প্ৰজাসকল মহিলাসকলৰ নিচিনা; তোমাৰ দেশৰ দুৱাৰবোৰ শত্ৰুবোৰৰ কাৰণে বহলকৈ মেলা আছে; অগ্নিয়ে তোমাৰ দুৱাৰবোৰৰ ডাংবোৰ গ্ৰাস কৰিলে।


চিয়োন-জীয়াৰীৰ দুৱাৰবোৰ মাটিত পোত গ’ল; চিয়োনৰ দুৱাৰৰ ডাংবোৰ যিহোৱাই নষ্ট কৰিলে আৰু ভাঙিলে। তাইৰ ৰজা আৰু ৰাজকুমাৰসকল অনা-ইহুদীসকলৰ মাজত আছে, য’ত মোচিৰ কোনো বিধান নাই। আনকি তাইৰ ভাববাদীসকলে যিহোৱাৰ পৰা কোনো দৰ্শন পোৱা নাছিল।


সেই দিনা, মিচৰীয়াসকল মহিলাৰ দৰে হ’ব; বাহিনীসকলৰ যিহোৱাই তেওঁলোকৰ ওপৰত হাত উঠোৱাৰ বাবে, তেওঁলোকে কঁপিব আৰু ভয় কৰিব।


এই দুঃসাহসী লোকসকলক অপহৰণ কৰা হ’ল; তেওঁলোক ভীষণ নিদ্ৰামগ্ন হ’ল। পৰাক্ৰমীসকল অসহায় হ’ল।


মই দম্মেচকৰ দুৱাৰৰ ডাংবোৰ ভাঙি পেলাম। মই আবন উপত্যকাৰ পৰা বাসিন্দাসকলক আৰু বৈৎ-এদনৰ পৰা ৰাজদণ্ড ধৰা লোকক উচ্ছন্ন কৰিম; অৰামৰ লোকসকল বন্দী হৈ কীৰলৈ যাব।”


কৰিয়োতক হাত কৰি লোৱা হ’ল, দুৰ্গবোৰ হঠাৎ আক্ৰমণ কৰা হ’ল; আৰু মোৱাবৰ বীৰসকলৰ হৃদয় সেইদিনা প্ৰসৱ বেদনা পোৱা মহিলাৰ হৃদয়ৰ দৰে হ’ব।


তাইৰ যাতনাৰ ভয়ত দুৰৈত থিয় হৈ এইদৰে ক’ব, “হায় হায়, বাবিল মহা-নগৰ, তুমি সন্তাপৰ পাত্ৰ, পৰাক্ৰমী বাবিল নগৰ! কিয়নো এঘণ্টাৰ ভিতৰতে তোমাৰ দণ্ডাজ্ঞা হ’ল।”


আৰু মই তাৰ প্ৰধান আৰু জ্ঞানীবিলাকক, তাৰ শাসনকৰ্ত্তা আৰু দেশাধ্যক্ষবিলাকক, আৰু তাৰ বাৰবিলাকক, মতলীয়া কৰিম; আৰু বাহিনীসকলৰ যিহোৱা নামেৰে প্ৰখ্যাত ৰজাই কৈছে, তেওঁবিলাকে অনন্ত নিদ্ৰা গৈ সাৰ নাপাব।


আৰু এজন দূতে আন দূতৰ লগ পাইছে; আৰু পাৰ ঘাটবোৰ লৰোৱা হ’ল, নলবোৰ জুই লগাই পুৰিলে, আৰু যুদ্ধাৰুবিলাক বিহ্বল হ’ল।


কিয়নো তেওঁ তোমাৰ দুৱাৰৰ ডাংবোৰ দৃঢ় কৰিলে, তোমাৰ মাজত বাস কৰা তোমাৰ সন্তান সকলক আশীৰ্ব্বাদ দিলে।


তেওঁ পিতলৰ দুৱাৰবোৰ ভাঙি পেলালে; আৰু লোহাৰ ডাংবোৰ কাটি পেলালে।


চোৱা, তেওঁলোক খেৰৰ দৰে হ’ব; তেওঁলোকক জুইয়ে পুৰি পেলাব, তেওঁলোকে অগ্নিশিখাৰ পৰা নিজৰ প্ৰাণ উদ্ধাৰ কৰিব নোৱাৰিব; সেয়ে উম লবলৈ, বা আগত বহি জুই ফুঁৱাবলৈ তাত কোনো আঙঠা নাথাকিব।


চাৰিওফালে তাৰ বিৰুদ্ধে জয়-ধ্বনি কৰা; সি হাত যোৰ কৰিছে, তাৰ কোঁঠবোৰ পৰি গ’ল, তাৰ গড়বোৰ ভাঙি পেলোৱা হ’ল; কিয়নো এয়ে যিহোৱাই সধা প্ৰতিকাৰ; তোমালোকে তাৰ প্ৰতিকাৰ সধা, সি কৰা নিচিনাকৈ তাক কৰা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন