17 প্ৰতিজন মানুহ পশুতুল্য আৰু জ্ঞানশূন্য প্ৰতিজন সোণাৰী তাৰ কটা প্ৰতিমাৰ দ্বাৰাই লজ্জিত হয়; কাৰণ তাৰ সাঁচত ঢলা মুৰ্ত্তি মিছা, সেইবোৰৰ ভিতৰত নিশ্বাস-প্ৰশ্বাস নাই।
সেইবোৰৰ মুখ আছে, কিন্তু কথা ক’ব নোৱাৰে; চকু আছে, কিন্তু নেদেখে;
যিসকলে সেইবোৰক নিৰ্ম্মাণ কৰে আৰু সেইবোৰত নির্ভৰ কৰে, তেওঁলোক সেইবোৰৰ নিচিনাই।
যিহোৱাই স্বর্গৰ পৰা তললৈ মানুহৰ ফালে লক্ষ্য কৰি থাকে; তেওঁ চাব বিচাৰে, প্রকৃতার্থত কোনো জ্ঞানী আছে নে নাই; তেওঁ চাব বিচাৰে, ঈশ্বৰক বিচাৰা কোনো জ্ঞানী আছে নে নাই।
প্ৰতিজন মানুহ পশুতুল্য আৰু জ্ঞান-শূন্য, প্ৰতিজন সোণাৰী আৰু কটা-প্ৰতিমাৰ দ্বাৰাই লজ্জিত হয়। কাৰণ তাৰ সাঁচত ঢলা মূৰ্ত্তিবোৰ মিছা; সেইবোৰৰ ভিতৰত কোনো নিশ্বাস-প্ৰশ্বাস নাই।
তোমালোকে জাতিবিলাকৰ মাজত প্ৰচাৰ কৰা, ঘোষণা কৰা আৰু ধ্বজা তোলা; গুপুতে নাৰাখিবা; কোৱা, “বাবিল হাত কৰি লোৱা হ’ল, বেলে লাজ পালে, মৰোদক ব্যাকুল হ’ল; তাৰ মুৰ্ত্তিবোৰে লাজ পালে, তাৰ প্ৰতিমাবোৰ ব্যাকুল হ’ল”।