Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিৰি 50:40 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

40 যিহোৱাই কৈছে, ঈশ্বৰে চদোম, ঘমোৰা, আৰু তাৰ ওচৰত থকা নগৰবোৰ ধ্বংস কৰা সময়ৰ নিচিনাকৈ কোনো মানুহে সেই ঠাইত বাস নকৰিব আৰু কোনো মনুষ্য-সন্তানে তাৰ মাজত প্ৰবাস নকৰিব।

অধ্যায়টো চাওক কপি কৰক




যিৰি 50:40
15 পৰস্পৰ সংযোগসমূহ  

এইটো ঠিক চদোম আৰু ঘমোৰা নগৰৰ নিচিনা, আৰু ইয়াৰ চাৰিওফালৰ নগৰবোৰ তেওঁলোকৰ দৰে বেশ্যাগমন আৰু পুংমৈথুনৰ অভিলাষত লিপ্ত হ’ল। তেওঁলোকে অনন্ত জুইৰ শাস্তি ভোগ কৰি আমাৰ আগত আর্হি হৈ আছে।


চদোম আৰু ঘমোৰা নগৰ ভস্ম কৰি ঈশ্বৰে সেই নগৰৰ লোক সকলক বিচাৰ কৰি শাস্তি দিছিল। ইয়াৰ দ্বাৰা ঈশ্বৰে ভাবী কালত ঈশ্বৰৰ ভক্তিহীন লোকৰ শেষ অৱস্থা কি হ’ব তাকেই উদাহৰণ স্বৰূপে স্থাপন কৰিলে।


যিহোৱাই কৈছে, চদোম, ঘমোৰা, আৰু তাৰ ওচৰৰ নগৰ কেইখন নষ্ট হোৱাৰ সময়ৰ নিচিনাকৈ কোনো মানুহে তাত বাস নকৰিব, কোনো মানুষ্য-সন্তানে তাৰ মাজত প্ৰবাস নকৰিব।


তাতে চদোম আৰু মিচৰ এই আত্মিক নাম থকা যি নগৰত তেওঁলোকৰ প্ৰভুক ক্রুচত দিয়া হ’ল, সেই মহা-নগৰৰ আলিতে তেওঁলোকৰ মৰা শৱ পৰি থাকিব।


সেয়ে, বাহিনীগণৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰে এইদৰে কৈছে, “মোৰ জীৱনৰ শপত, মোৱাব নিশ্চয়ে চদোমৰ নিচিনা, আৰু অম্মোনীয়াসকল ঘমোৰাৰ নিচিনা হ’ব; এক কাঁইটীয়া হাবিৰে ভৰা ঠাই আৰু এক লোণৰ কূপলৈ পৰিণত হ’ব; চিৰকালৰ পতিত ভূমি হৈ থাকিব; মোৰ প্ৰজাসকলৰ অৱশিষ্ট লোকে তেওঁলোকক লুট কৰিব আৰু মোৰ জাতিৰ অৱশিষ্ট লোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিব।”


মই, তোমালোকৰ ঈশ্বৰে চদোম আৰু ঘমোৰাক যেনেকৈ ধ্বংস কৰিছিলোঁ, তোমালোককো সেইদৰে ধ্বংস কৰিলোঁ। তোমালোক জুইৰ পৰা উলিয়াই অনা আধা পোৰা কাঠৰ নিচিনা থ’লো, তথাপিও তোমালোকে মোলৈ ঘূৰা নাই।” যিহোৱাই এই কথা কৈছে।


চুকৰ পৰা ভিত্তিমূলৰ নিমিত্তে কোনো মানুহে তোমাৰ পৰা এটি শিলো নল’ব; কিন্তু যিহোৱাই কৈছে, তুমি চিৰকলীয়া ধ্বংসস্থান হ’বা।


বাহিনীসকলৰ যিহোৱাই আমাৰ বাবে অলপ অৱশিষ্ট নৰখা হ’লে, আমি চদোম আৰু ঘমোৰাৰ দৰে হলোঁহেঁতেন।


তেওঁলোকে দেখা পাব সমগ্র দেশ জ্বলন্ত গন্ধক আৰু লোণেৰে পুৰি গৈছে; দেশত একোকে সিঁচিব নোৱাৰিব আৰু কোনো ফল উৎপন্ন নহ’ব; এনেকি ঘাঁহ-বন, শাক-পাচলিও গজি নুঠিব। এই দেশৰ অৱস্থা চদোম, ঘমোৰা, অদ্মা, আৰু চবোয়ীম নগৰৰ দৰে হ’ব, যি নগৰবোৰক যিহোৱাই খং আৰু ক্রোধত ক্রোধাম্বিত হৈ ধ্বংস কৰি দিছিল।


এই বিষয়ে যিচয়া আগেয়ে কৈছিল, “বাহিনী সমূহৰ প্ৰভুৱে আমাৰ বাবে সঁচ নৰখা হ’লে, আমি চদোমৰ নিচিনা হ’লোঁহেঁতেন আৰু ঘমোৰা নগৰৰ তুল্য হ’লোঁহেঁতেন।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন